অতুল বৰা পুনৰ অগপৰ সভাপতি নিৰ্বাচিত, কেশৱ মহন্ত কাৰ্যকৰী সভাপতি

News18 Assam | News18-Assam
Updated:August 27, 2020, 2:09 PM IST
অতুল বৰা পুনৰ অগপৰ সভাপতি নিৰ্বাচিত, কেশৱ মহন্ত কাৰ্যকৰী সভাপতি
বিধানসভা নিৰ্বাচিৰ পূৰ্বে অসম গণ পৰিষদৰ সভাপতি নিৰ্বাচনক লৈ চলিছিল ব্যাপক চৰ্চা।

বিধানসভা নিৰ্বাচিৰ পূৰ্বে অসম গণ পৰিষদৰ সভাপতি নিৰ্বাচনক লৈ চলিছিল ব্যাপক চৰ্চা।

  • Share this:
পুনৰ অসম গণ পৰিষদৰ সভাপতি হিচাপে নিৰ্বাচিত হ’ল অতুল বৰা। বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে অতুল বৰা। কেশৱ মহন্ত পুনৰ নিৰ্বাচিত হৈছে কাৰ্যকৰী সভাপতি হিচাপে। সৰ্বসন্মতিক্ৰমে সভাপতি হিচাপে নিৰ্বাচিত হয় অতুল বৰা। অতুল বৰাৰ বিৰুদ্ধে কোনেও দাখিল কৰা নাছিল মনোনয়ন পত্ৰ।

বিধানসভা নিৰ্বাচিৰ পূৰ্বে অসম গণ পৰিষদৰ সভাপতি নিৰ্বাচনক লৈ চলিছিল ব্যাপক চৰ্চা। আজি অতুল বৰা পুনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাত আনন্দ প্ৰকাশ কৰে অগপ নেতা–কৰ্মীয়ে। আমবাৰীৰ মুখ্য কাৰ্যালয়ত ঢোল–তাল বজাই প্ৰকাশ কৰে আনন্দ।
Published by: Sanjay Kumar Das
First published: August 27, 2020, 2:09 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি