‘আদালতৰ ৰায়ক চূড়ান্তভাৱে অৱমাননা কৰি অবৈধ সভাত সভাপতি হ’ল অতুল বৰা’ - গিৰিন তালুকদাৰ

News18 Assam | News18-Assam
Updated:August 27, 2020, 5:44 PM IST
‘আদালতৰ ৰায়ক চূড়ান্তভাৱে অৱমাননা কৰি অবৈধ সভাত সভাপতি হ’ল অতুল বৰা’ - গিৰিন তালুকদাৰ
অবৈধ সভাৰ জৰিয়তে নিৰ্বাচিত হোৱা নেতাৰ কৰ্মকাণ্ডক গৰিহণা দিছে তিনিওগৰাকী নেতাই।

অবৈধ সভাৰ জৰিয়তে নিৰ্বাচিত হোৱা নেতাৰ কৰ্মকাণ্ডক গৰিহণা দিছে তিনিওগৰাকী নেতাই।

  • Share this:
আদালতৰ ৰায়ক চুড়ান্তভাৱে অৱমাননা কৰি বৃহস্পতিবাৰে আধাঘণ্টাতে সমাপ্ত কৰিলে অসম গণ পৰিষদৰ একাদশ বাৰ্ষিক কেন্দ্ৰীয় সাধাৰণ অধিৱেশন। সেই অবৈধ আৰু আদালতক অৱমাননা কৰা সভাতে সভাপতি আৰু কাৰ্যকৰী সভাপতি পুনৰবাৰ নিৰ্বাচিত হ’ল অতুল বৰা আৰু কেশৱ মহন্ত। এই মন্তব্য আদালতৰ কাষ চপা অসম গণ পৰিষদৰ প্ৰতিষ্ঠাকালৰ তিনিগৰাকী নেতা ক্ৰমে জিতেন ডেকা, গিৰিন তালুকদাৰ আৰু হেমেন লহকৰৰ।

অবৈধ সভাৰ জৰিয়তে নিৰ্বাচিত হোৱা নেতাৰ কৰ্মকাণ্ডক গৰিহণা দিছে তিনিওগৰাকী নেতাই। এই সম্পৰ্কে শীঘ্ৰে তেওঁলোকে আদালতৰ কাষ চপাৰ উপৰি ৰাষ্ট্ৰীয় নিৰ্বাচনী আয়োগৰ দ্বাৰস্থ হ’ব। উল্লেখযোগ্য যে বৃহস্পতিবৰৰ সভাখনক অবৈধ সভা আখ্যা দিয়াৰ লগতে সভা অনুষ্ঠিত কৰা কাৰ্যই আদালতৰ ৰায়ক অৱমাননা কৰিছে বুলি কয় দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ নাথ ডেকাই।
Published by: Sanjay Kumar Das
First published: August 27, 2020, 5:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading