মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘AGPৰ জনপ্ৰিয়তা দেখি নাম ল’লে AJP’- ৰাইজৰ দল এতিয়া ৰঙা ঘৰৰ দল হ’বলৈ গৈ আছে বুলি ক’লে মন্ত্ৰী অতুল বৰাই

‘AGPৰ জনপ্ৰিয়তা দেখি নাম ল’লে AJP’- ৰাইজৰ দল এতিয়া ৰঙা ঘৰৰ দল হ’বলৈ গৈ আছে বুলি ক’লে মন্ত্ৰী অতুল বৰাই

News18 Assam | News18-Assam
Updated:October 14, 2020, 10:20 PM IST
‘AGPৰ জনপ্ৰিয়তা দেখি নাম ল’লে AJP’- ৰাইজৰ দল এতিয়া ৰঙা ঘৰৰ দল হ’বলৈ গৈ আছে বুলি ক’লে মন্ত্ৰী অতুল বৰাই
যোৰহাটৰ উপকন্ঠৰ জনজাতি অধ্যুষিত অঞ্চল ওপৰ দেউৰীত বুধবাৰে কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় অগপৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস।

যোৰহাটৰ উপকন্ঠৰ জনজাতি অধ্যুষিত অঞ্চল ওপৰ দেউৰীত বুধবাৰে কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় অগপৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস।

  • Share this:
দেৰগাওঁ সমষ্টিৰ ভিতৰুৱা জনজাতি অধ্যুষিত অঞ্চল ওপৰ দেউৰীত বুধবাৰে অনুষ্ঠিত  অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত একপ্ৰকাৰ আগন্তুক নিৰ্বাচনৰ ৰণশিঙা বজালে অগপ নেতৃত্বই। অগপ দলক ন-ৰূপত ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে ৰাজ্যত নতুনকৈ জন্ম লাভ কৰা দুয়োটা আঞ্চলিক দলকে তীব্ৰ সমালোচনা কৰে অগপ সভাপতিগৰাকীয়ে।

যোৰহাটৰ উপকন্ঠৰ জনজাতি অধ্যুষিত অঞ্চল ওপৰ দেউৰীত বুধবাৰে কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় অগপৰ ৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস। নতুন দিনত ন-সাঁজেৰে প্ৰগতিশীল জাতীয়তাবাদৰ শ্ল’গানেৰে দলটো নতুন ৰূপত আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে অগপ সভাপতি অতুল বৰাই। আনহাতে বিগত দিনত কৰা ভুল-ত্ৰুটীৰ বাবে ক্ষমা বিচাৰে অগপৰ শীৰ্ষ নেতৃবৃন্দই। সেই ভুলসমূহ শুধৰাই আত্মশুদ্ধিৰে দলটো আগবঢ়াই নিয়াৰ চেষ্টা চলাই যাব বুলি মন্তব্য কৰে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।

" উত্থান আৰু বিপৰ্যয়ৰ মাজেৰে আগবঢ়া দলটোৰ বাবে কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি অহা লোকসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছো। দীৰ্ঘদিন ধৰি দলটোৰ পৰা আঁতৰি থকা বহু লোক পুনৰ দলটোলৈ ঘূৰি আহিছে। আমি ন-ৰূপত অগপ দলটো ৰাইজৰ মাজলৈ লৈ যোৱাৰ চেষ্টা কৰিছো। ", অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই এনেদৰে কয় ।

আনহাতে আগন্তুক নিৰ্বাচন যোৱাবাৰৰ নিৰ্বাচনতকৈ বহু পৃথক হ’ব বুলি মন্তব্য কৰি অগপ সভাপতি অতুল বৰাই কয় যে, ‘জিকাৰ সম্ভাৱনা থকা সকলো সমষ্টিতে অগপ দলে প্ৰতিদ্বন্দিতা আগবঢ়াব। জাতীয়তাবাদী সত্ত্বাক মষিমূৰ কৰিব বিচৰা একাংশ লোকে অগপ দলক অতি বেয়া শব্দৰে সমালোচনা কৰি আহিছে যদিও ইয়াক অগপ দলে গুৰুত্ব নিদিয়ে বুলি জানিবলৈ দিয়ে অতুল বৰাই।

অসমত নতুনকৈ জন্ম লাভ কৰা দুটা ৰাজনৈতিক দলক তীব্ৰ সমালোচনা কৰে অতুল বৰাই। অগপ সভাপতিগৰাকীয়ে এটা ৰাজনৈতিক দলক নকল চিঞাহীৰ সৈতে তুলনা কৰে। তেওঁ কয় যে, নতুনকৈ জন্ম লাভ কৰা এটা দলে অগপৰ জনপ্ৰিয়তাৰ বাবে নামটো নকল কৰিছে। পূৰ্বতে সুলেখা চিঞাহীৰ নকল কৰি সুৰেখা চিঞাহী উলিওৱাৰ দৰে AGP দলৰ জনপ্ৰিয়তাৰ বাবে ইয়াক নকল কৰি নতুন ৰাজনৈতিক দলৰ নাম দিয়া হৈছে AJP।’ আনহাতে ৰাইজৰ দল নামৰ নতুন ৰাজনৈতিক দলটোৰ বিষয়ে সভাপতিগৰাকীয়ে কয় যে, ৰাইজৰ দলটো বৰ্তমান ৰঙাঘৰৰ দল হ’বলৈ গৈ আছে ।’

আগন্তুক নিৰ্বাচন সন্দৰ্ভত অগপৰ নেতৃত্বই কয় যে, ৰাজনৈতিক দল সকলোৱে খুলিব পাৰে। কিন্তু কোনে কেনেদৰে কাম কৰিছে তাৰ বিচাৰ ৰাইজে কৰিব। প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত নতুনকৈ অগপত যোগদান কৰা শিল্পী কল্পনা পাটোৱাৰী, জ্যেষ্ঠ নেতা বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য , স্থানীয় বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীকে ধৰি বহু সংখ্যক অগপ নেতা-কৰ্মী উপস্থিত থাকে।
Published by: Himangshu Bhuyan
First published: October 14, 2020, 10:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি