• Home
  • »
  • News
  • »
  • assam
  • »
  • President Ram Nath Kovind: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আগমনক লৈ চলা প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী অতুল বৰাকে ধৰি শীৰ্ষ বিষয়াই

President Ram Nath Kovind: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ আগমনক লৈ চলা প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী অতুল বৰাকে ধৰি শীৰ্ষ বিষয়াই

President Ram Nath Kovind

President Ram Nath Kovind

২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া অসম ভ্ৰমণ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ

  • Share this:
তিনিদিনীয়া ভ্ৰমণসূচী লৈ অসম ভ্ৰমণ কৰিবলগীয়া ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক লৈ কাজিৰঙাত ব্যাপক প্ৰস্তুতি চলোৱা দেখা গৈছে। এই সন্দৰ্ভত বুধবাৰে ৰাষ্ট্ৰপতিগৰাকীৰ আগমনক লৈ কৃষিমন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰা (Atul Bora) আৰু  আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত , ৰাজ্যৰ মুখ্যসচিব জিষ্ণু বৰুৱাকে ধৰি ৰাজ্য চৰকাৰৰ বহু কেইজন উচ্চ পদস্থ  প্ৰশাসনিক বিষয়াই এক আলোচনাত মিলিত হয় ৷ এই আলোচনাত নিৰাপত্তাৰ লগতে আনুষংগিক দিশসমূহৰ বুজ লয় দলটোৱে ৷

উল্লেখ্য, ২৫ৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়া অসম ভ্ৰমণকালত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাচিত বৰফুকনৰ (Lachit Borphukan) ৪০০ তম বাৰ্ষিকী উপলক্ষে এক বছৰজোৰা উদযাপন কাৰ্যসূচী উদ্বোধন কৰিব ৰাষ্ট্ৰপতি কোবিন্দে।

ইয়াৰ পিছতে ২৬ আৰু ২৭ ফেব্ৰুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে (President Ram Nath Kovind) । ২৬ ফ্ৰেব্ৰুৱাৰীৰ বিয়লি তেজপুৰৰ পৰা আহি বোকাখাতত অৱতৰণ কৰি কাজিৰঙাত উপস্থিত হৈ জীপ ছাফাৰি কৰাৰ লগতে ২৭ ফেব্ৰুৱাৰীৰ পুৱা কহঁৰা বনাঞ্চলত হাতী ছাফাৰি অথবা জীপ চাফাৰী কৰিব বুলি জানিব পৰা গৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি