তামুলপুৰত শৰাইঘাট দলঙৰ আৰ্হিত ৰাইজে নিৰ্মাণ কৰিলে আঢ়ৈ লাখটকীয়া বাঁহৰ দলং

দলংখন আৰু এটা সপ্তাহৰ পিছতেই ৰাইজৰ বাবে মুকলি কৰিব বুলি জানিব পৰা গৈছে।

News18-Assam
Updated:August 23, 2019, 1:33 PM IST
তামুলপুৰত শৰাইঘাট দলঙৰ আৰ্হিত ৰাইজে নিৰ্মাণ কৰিলে আঢ়ৈ লাখটকীয়া বাঁহৰ দলং
দলংখন আৰু এটা সপ্তাহৰ পিছতেই ৰাইজৰ বাবে মুকলি কৰিব বুলি জানিব পৰা গৈছে।
News18-Assam
Updated: August 23, 2019, 1:33 PM IST
নিলয় ভট্টাচাৰ্যঃ বাক্সা জিলাৰ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা-কাউলী সংযোগী পথৰ মটঙা নদীৰ ওপৰত কেইজনমান উদ্যমী লোকে সাজিছে চাৰিশ মিটাৰ দীঘলীয়া এখন বাঁহৰ দলং। দীৰ্ঘদিন ধৰি চৰকাৰ তথা প্ৰশাসনক উক্ত পথচোৱাত এখন দলং নিৰ্মাণ কৰিবলৈ ৰাইজে অনুৰোধ জনাই আহিছিল যদিও কোনো ফলাফল নাপালে। সেয়েহে গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে এই আকৰ্ষণীয় বাঁহৰ দলংখন।

মটঙা নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহুবাৰ জনপ্ৰতিনিধিৰ ওচৰত আবেদন জনাইছিল যদিও আজিলৈ কোনো কাণসাৰ নিদিলে। ৰাইজৰ অভিযোগ, তিনিবাৰকৈ ভোটাদান কৰি তিনিজনকৈ জনপ্ৰতিনিধি নিৰ্বাচন কৰাৰ পিছতো আজিলৈ কোনো এজন জনপ্ৰিতিনিধিয়ে ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে।

সেয়েহে বিগত দুমাহ ধৰি তিনিখন গাঁৱৰ কেইগৰাকীমান উদ্যমী লোকে মিলি শৰাইঘাট দলঙৰ আৰ্হিত আঢ়ৈ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰি উলিয়াইছে বাঁহৰ দলংখন। এই দলংখনে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দলংখন নিৰ্মাণৰ কাম বৰ্তোমানো সম্পূৰ্ণ হোৱা নাই।



উল্লেখযোগ্য যে বছৰ বছৰ ধৰি অঞ্চলটোৰ জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগি আহিছে। মটঙা নদীৰ ওপৰত এখন দলং নোহোৱাত যন্ত্ৰণা ভুগি আহিছে অঞ্চলবাসীয়ে। চৰকাৰে নকৰে, সেয়েহে নিজেই হাতে–কামে লাগিল অঞ্চলটোৰ ৰাইজ। নিজৰ গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিছে বাঁহৰ দলংখন। দলংখন আৰু এটা সপ্তাহৰ পিছতেই ৰাইজৰ বাবে মুকলি কৰিব বুলি জানিব পৰা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি