যোৱা ২০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হৈছিল খড়্গবিহীন এটা গঁড়ৰ মৃতদেহ। গঁড় হত্যাৰ এই ঘটনাৰ পিছতেই চোৰাং চিকাৰীৰ সন্ধানত বন বিভাগ আৰু আৰক্ষীৰ যুটীয়া অভিযান চলিছিল। এই অভিযানত বিশ্বনাথ স্বাগুৰিৰ নবিৰ হুছেইন নামৰ এটা চোৰাং চিকাৰীক যোৱা ২০ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ (Kaziranga National Park) কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰ এলেকাত উদ্ধাৰ হোৱা খড়্গ বিহীন গঁড়টোৰ হত্যাৰ অভিযোগত আটক কৰা হয়।
সোধা-পোছাৰ অন্তত আজি সন্ধিয়াৰ ভাগত গঁড় হত্যাস্থলীলৈ লৈ যোৱা হয় চোৰাং চিকাৰীটোক (poachers were taken to the rhino slaughter site)। কিন্তু সেই সময়তে কঁহৰা বনাঞ্চলৰ শিলেখুন্দা বন শিবিৰ এলেকাত বোকাখাত থানাৰ (Bokakhat police station) অ'চি বিতোপন চেতিয়াৰ ৰিভলভাৰ কাঢ়ি পলোৱাৰ চেষ্টা কৰে চোৰাং চিকাৰীটোৱে।
পৰিণতিত আৰক্ষীয়ে গুলীয়াবলৈ (Police Encounter) বাধ্য হয় চোৰাং চিকাৰী নবিৰ হুছেইনক। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হয় চোৰাং চিকাৰীটো। ইপিনে এই ঘটনাত আহত হয় দিব্যজ্যোতি হাজৰিকা নামৰ এজন আৰক্ষীৰ লোক। দুয়োকে উন্নত চিকিৎসাৰ বাবে সম্প্ৰতি যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্যে যে মাত্ৰ দুদিন পূ্ৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড় হত্যা স্থলী পৰিদৰ্শন কৰিছিল বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|