জুৰীয়াত হাত–ভৰি বান্ধি ঘৰৰ ভিতৰতে দুৰ্বৃত্তই জ্বলাই দিলে মহিলাক

অগ্নিদগ্ধ মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত স্থানীয় লোক উপস্থিত হৈ সংকটজনক অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

News18-Assam
Updated:September 8, 2019, 1:51 PM IST
জুৰীয়াত হাত–ভৰি বান্ধি ঘৰৰ ভিতৰতে দুৰ্বৃত্তই জ্বলাই দিলে মহিলাক
Photo : english.ratopati.com
News18-Assam
Updated: September 8, 2019, 1:51 PM IST
জুৰীয়াৰ ধিং গাঁৱত শনিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। গাঁওখনৰ ওমৰ ফাৰুক নামৰ লোকজনৰ নৱবিবাহিতা পত্নীক ঘৰৰ ভিতৰতে জ্বলাই দিয়ে দুৰ্বৃত্তৰ দলে। নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ মুখত ক’লা কাপোৰ বান্ধি অহা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে হাত–ভৰি বান্ধি জ্বলাই দিয়ে মহিলাগৰাকীক। অগ্নিদগ্ধ মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰাত স্থানীয় লোক উপস্থিত হৈ সংকটজনক অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে মাত্ৰ ডেৰমাহৰ পূৰ্বে ওমৰ ফাৰুকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মহিলাগৰাকী। ঘটনাৰ সময়ত বজাৰলৈ বুলি ওলাই গৈছিল মহিলাগৰাকীৰ স্বামী। দেহৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা মহিলাগৰাকীক পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যাল হাস্পতাললৈ প্ৰেৰণ কৰা হয়। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে জুৰীয়া থানাত দাখিল কৰিছে এজাহাৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি