হাতুৰীৰে মূৰত প্ৰহাৰ কৰি হত্যাৰ চেষ্টা কৰা হৈছিল দেবীণা বৰুৱাক, প্ৰেমিকক গ্ৰেপ্তাৰ

টকা পইচাৰ লেন–দেনৰ বাবেই দেবীণা বৰুৱাক হত্যাৰ চেষ্টা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

News18-Assam
Updated:August 8, 2019, 1:51 PM IST
হাতুৰীৰে মূৰত প্ৰহাৰ কৰি হত্যাৰ চেষ্টা কৰা হৈছিল দেবীণা বৰুৱাক, প্ৰেমিকক গ্ৰেপ্তাৰ
টকা পইচাৰ লেন–দেনৰ বাবেই দেবীণা বৰুৱাক হত্যাৰ চেষ্টা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
News18-Assam
Updated: August 8, 2019, 1:51 PM IST
অগ্নিভ গগৈ : মহানগৰীৰ ৰুক্মিণীনগৰত লোমহৰ্ষকভাৱে হত্যাৰ চেষ্টা চলোৱা দেবীণা বৰুৱাৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সংকটজনক। ইফালে, এই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে দেবীণা বৰুৱাৰ প্ৰেমিক শোণিত গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। আজিয়েই শোণিতক আদালতত হাজিৰ কৰি জিম্মাত ল’ব আৰক্ষীয়ে।

জানিব পৰা মতে, আৰক্ষীয়ে এই ঘটনাত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা শোণিত গোস্বামীৰ ঘৰ ছয়মাইল অঞ্চলত। আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰা মতে, দেবীণা বৰুৱাৰ লগত দীৰ্ঘদিনৰ প্ৰেমৰ সম্পৰ্ক আছিল শোণিত গোস্বামীৰ। টকা পইচাৰ লেন–দেনৰ বাবেই দেবীণা বৰুৱাক হত্যাৰ চেষ্টা কৰা হৈছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

উল্লেখ্য যে দেবীণা বৰুৱাৰ লাখিমীনগৰস্থিত বাসগৃহৰ নামত এক বৃহৎ অংকৰ লোণ লৈছিল দেবীণা বৰুৱাই। এই টকা পৰিশোধ কৰিব নোৱাৰাৰ বাবে বেংক প্ৰতিষ্ঠানে ঘৰ–মাটি জব্দ কৰিছিল দেবীণা বৰুৱাৰ। ইফালে আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনোৱা মতে হাতুৰীৰে আঘাত কৰি হত্যাৰ চেষ্টা কৰা হৈছিল দেবীণা বৰুৱাক।
আৰু চাওক পৰৱৰ্তী বাতৰি