মহিলাক হত্যাৰ অপচেষ্টা বিজেপিৰ সংখ্যালঘু নেতাৰ, গ্ৰেপ্তাৰ হোৱাৰ ভয়ত এতিয়া পলাতক

News18 Assam | News18-Assam
Updated:November 28, 2020, 10:36 AM IST
মহিলাক হত্যাৰ অপচেষ্টা বিজেপিৰ সংখ্যালঘু নেতাৰ, গ্ৰেপ্তাৰ হোৱাৰ ভয়ত এতিয়া পলাতক
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সম্পাদকৰ গুণ্ডাগিৰি

শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সম্পাদকৰ গুণ্ডাগিৰি

  • News18 Assam
  • Last Updated: November 28, 2020, 10:36 AM IST
  • Share this:
শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত বিজেপি সংখ্যালঘু মৰ্চাৰ জিলা সম্পাদকৰ গুণ্ডাগিৰি। ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী মহিলাক হত্যা কৰাৰ অপচেষ্টা বিজেপি সংখ্যালঘু নেতাৰ।

অভিযোগ অনুসৰি, ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ডিঙিত ৰছী লগাই এগৰাকী মহিলাক হত্যা কৰাৰ অপচেষ্টা কৰিছিল বিজেপি নেতা অহিজুল হকে। বিফল হোৱাত গাত কেৰাচিন ঢালি জ্বলোৱাৰ চেষ্টা। ঢেকিয়াজুলি ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰুহিনী বিল গাঁৱত সংঘটিত হৈছে এই ঘটনা।

চুলেমা খাতুন নামৰ এগৰাকী মহিলা শুই থকা অৱস্থাত নিশা ১ বজাত বিজেপি সংখ্যালঘু নেতা অহিজুল হ’ক আৰু বাহাৰুল ইছলাম নামৰ দুজন লোকে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মহিলাগৰাকীৰ মুখ বান্ধি ডিঙিত চিপ লগোৱাৰ চেষ্টা কৰিছিল। চুলেমা খাতুনৰ ডিঙিত এতিয়া আঘাতৰ চিন স্পষ্ট।

পিছে এই কামত বিফল হৈ মহিলা গৰাকীক বাহিৰলৈ উলিয়াই আনি কেৰাচিন তেল ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে দুই যুৱকে। তেনে সময়তে কোনো মতে দুই পাষণ্ডৰ কৱলৰ পৰা পলাই ওচৰৰ এঘৰলৈ দৌৰি যায় মহিলাগৰাকী।

ঘটনাৰ পিছতে মহিলাগৰাকীয়ে ২৬ নৱেম্বৰত ঠেলামৰা আৰক্ষী থানাত দুই অভিযুক্তৰ বিৰুদ্ধে এজেহাৰ দাখিল কৰে। যদিও এই পৰ্যন্ত দুই অভিযুক্ত আটক কৰা নাই আৰক্ষীয়ে। আনকি এজেহাৰ দিয়াৰ পাছতো তদন্তৰ বাবে ভুক্তভোগীৰ ঘৰত উপস্থিত হোৱা নাছিল ঠেলামৰা আৰক্ষী।

উল্লেখ্য যে, অহিজুল হক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক। ফলত আৰক্ষীয়ে এতিয়া অহিজুলক গ্ৰেপ্তাৰ কৰিবলৈ এখোজ আগুৱাই দুখোজ পিছুৱাইছে বুলি অভিযোগ উঠিছে। জানিব পৰা মতে বৰ্তমান পলাতক অৱস্থাত আছে অহিজুল হক।
Published by: Himangshu Bhuyan
First published: November 28, 2020, 10:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি