• Home
  • »
  • News
  • »
  • assam
  • »
  • সোণাৰিত পঞ্চম শ্ৰেণীৰ ছাত্ৰক স্কুললৈ গৈ থাকোঁতে অপহৰণৰ চেষ্টা হাতত গ্ল'ভছ পিন্ধা দুৰ্বৃত্ত দলৰ

সোণাৰিত পঞ্চম শ্ৰেণীৰ ছাত্ৰক স্কুললৈ গৈ থাকোঁতে অপহৰণৰ চেষ্টা হাতত গ্ল'ভছ পিন্ধা দুৰ্বৃত্ত দলৰ

ছাত্ৰজনৰ লোককেইজনৰ ওপৰত সন্দেহ ওপজাত চিঞৰ–বাখৰ কৰে।

ছাত্ৰজনৰ লোককেইজনৰ ওপৰত সন্দেহ ওপজাত চিঞৰ–বাখৰ কৰে।

ছাত্ৰজনৰ লোককেইজনৰ ওপৰত সন্দেহ ওপজাত চিঞৰ–বাখৰ কৰে।

  • Share this:
সোণাৰিত পঞ্চম শ্ৰেণীৰ ছাত্ৰক স্কুলৰ বাটৰ পৰা অপহৰণৰ চেষ্টা দুৰ্বৃত্তৰ।কথমপি ৰক্ষা ছাত্ৰজনৰ। সোণাৰি নগৰৰ ১০ নং ৱাৰ্ডৰ শান্তিপুৰত অৱস্থিত সোণাৰি জাতীয় বিদ্যালয়ৰ এজন পঞ্চম শ্ৰেণীৰ ছাত্ৰক দুৰ্বৃত্তৰ দল এটাই গাড়ীত তুলি অপহৰণ কৰাৰ চেষ্টা চলোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, সোণাৰি নগৰৰ পাৰ্বতিপুৰৰ নিৱাসী অনুজ চেতিয়াৰ পুত্ৰ  তথা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা  ছাত্ৰ ভাৰ্গৱ চেতিয়াই বিদ্যালয়লৈ অকলে খোজকাঢ়ি গৈ থকা অৱস্থাত এখন গাড়ীত অহা এটা অপহৰণকাৰী দলে অপহৰণৰ চেষ্টা চলায় ।

পিছফালৰ পৰা এখন বাহনত অহা অপহৰণকাৰীৰ দল এটাই চলাহি কথাৰে ছাত্ৰজনক গাড়ীত তুলি পলায়ন কৰিবলৈ চেষ্টা চলায়। ছাত্ৰজনৰ লোককেইজনৰ ওপৰত সন্দেহ ওপজাত চিঞৰ–বাখৰ কৰে। লগে লগে ওচৰতে চাইকেলেৰে গৈ থকা এজন লোকক দেখি দলটোৱে ছাত্ৰজনৰ হাত এৰি দিয়াত বাহনখনৰ পৰা বলপূৰ্বক নামি স্কুল অভিমুখে পলায়ন কৰিবলৈ সক্ষম হয়।

পৰৱৰ্তী সময়ত ছাত্ৰজনে ঘটনাটোৰ বিষয়ে নিজৰ শিক্ষক–শিক্ষয়িত্ৰী আৰু অভিভাৱকক অৱগত কৰে। যুৱকজনে জনোৱা অনুসৰি, অপহৰণকাৰী দলটো তিনি–চাৰিজনীয়া আছিল আৰু সকলোৱে হাতত গ্লোভছ পিন্ধি আছিল। তদুপৰি তেওঁলোকে লগত অনা গাড়ীখনত দা, কটাৰি জাতীয় সামগ্ৰীও প্ৰত্যক্ষ কৰিছিল ছাত্ৰজনে।

এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত ছাত্ৰ জনৰ পিতৃয়ে এখন এজাহাৰ দাখিল কৰিছে। সোণাৰি আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে। এই ঘটনাৰ পিছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সন্দৰ্ভত। ২৪ ঘন্টাই সোণাৰি নগৰ তথা দাঁতি-কাষৰীয়া অঞ্চলসমূহত দিনে–নিশাই থাকে অসম আৰক্ষী। তৎসত্ত্বেও সোণাৰি নগৰৰ মাজমজিয়াত হিন্দী চলচ্চিত্ৰৰ কায়দাৰে শিশু অপহৰণ কৰাৰ চেষ্টা চলোৱা ঘটনাই পুনৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। এতিয়া যেন শিশু ছাত্ৰ–ছাত্ৰীৰ সম্পূৰ্ণ দায়িত্ব অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰিব, নহ'লে যিকোনো মুহুৰ্তত সন্তান অকলশৰীয়া হ'লে দুৰ্বৃত্তৰ চকু পৰিলে হ'ব পাৰে ডাঙৰ বিপদ।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি