• Home
  • »
  • News
  • »
  • assam
  • »
  • জুবিনক আক্ৰমণ কৰা গাড়ীৰ মালিক NSUI নেতা পলাতক, ৬ আক্ৰমণকাৰীৰ সন্ধানত হিৰকজ্যোতিৰ জ্যেষ্ঠ ভাতৃক সোধা–পোছা

জুবিনক আক্ৰমণ কৰা গাড়ীৰ মালিক NSUI নেতা পলাতক, ৬ আক্ৰমণকাৰীৰ সন্ধানত হিৰকজ্যোতিৰ জ্যেষ্ঠ ভাতৃক সোধা–পোছা

হিৰকজ্যোতি ৰাজবংশীক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল যদিও হিৰকজ্যোতিক নাপাই আৰক্ষীয়ে সোধা–পোছাৰ বাবে আটক কৰে জ্যেষ্ঠ ভাতৃক।

  • Share this:
জুবিন গাৰ্গক আক্ৰমণৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক। নিশা গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত বাট ভেটি ধৰি জুবিনক আক্ৰমণৰ অশ্লীল গালি–গালাজ কৰাৰ লগতে আক্ৰমণৰ চেষ্টা চলোৱা দুৰ্বৃত্তৰ দলটো আহিছিল এখন মাৰুতি চিয়াজ গাড়ীত। AS 01BY 0675 নম্বৰৰ বগা ৰঙৰ চিয়াজখনৰ গৰাকী হ’ল NSUI কামৰূপ মহানগৰৰ উপ–সভাপতি হিৰকজ্যোতি ৰাজবংশী। হিৰকজ্যোতি ৰাজবংশীক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছিল যদিও হিৰকজ্যোতিক নাপাই আৰক্ষীয়ে সোধা–পোছাৰ বাবে আনে জ্যেষ্ঠ ভাতৃক। হিৰকজ্যোতিৰ জ্যেষ্ঠ ভাতৃক লৈ ৬ যুৱকক বিচাৰি আৰক্ষীয়ে চলাইছে অভিযান।
Published by:Sanjay Kumar Das
First published: