মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam-Assembly : চিৰাঙৰ গৰুভাষাত ফ্লায়িং স্কোৱাডৰ দলক আক্ৰমণ

Assam-Assembly : চিৰাঙৰ গৰুভাষাত ফ্লায়িং স্কোৱাডৰ দলক আক্ৰমণ

আক্ৰমণকাৰীয়ে কেমেৰা ভঙাৰ লগতে ফ্লায়িং স্কোৱাডৰ দলটোক শাৰীৰিকভাৱে অপদস্থ কৰে৷

আক্ৰমণকাৰীয়ে কেমেৰা ভঙাৰ লগতে ফ্লায়িং স্কোৱাডৰ দলটোক শাৰীৰিকভাৱে অপদস্থ কৰে৷

আক্ৰমণকাৰীয়ে কেমেৰা ভঙাৰ লগতে ফ্লায়িং স্কোৱাডৰ দলটোক শাৰীৰিকভাৱে অপদস্থ কৰে৷

  • Share this:
চিৰাঙত চিদলী বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰুভাষাত অঘটন৷ প্ৰশাসনৰ অনুমতি অবিহনে আয়োজিত বিপিএফৰ নিৰ্বাচনী সভা বন্ধ কৰিবলৈ যোৱা ফ্লায়িং স্কোৱাডৰ দল আক্ৰমণৰ বলি হ’বলগীয়া হয়৷ আক্ৰমণকাৰীয়ে কেমেৰা ভঙাৰ লগতে ফ্লায়িং স্কোৱাডৰ দলটোক শাৰীৰিকভাৱে অপদস্থ কৰে৷

দাদগিৰিৰ পৰা বিপিএফ কৰ্মীয়ে এখন বাহনত টকা কঢ়িয়াই অনা বুলি আৰক্ষীয়ে লাভ কৰা খবৰৰ ভিত্তিত আৰক্ষী আৰু ফ্লায়িং স্কোৱাডৰ দল তৎপৰ হৈ পৰে৷ এনে সময়তে অঞ্চলটোত চলি থকা বিপিএফৰ নিৰ্বাচনী সভাত ফ্লায়িং স্কোৱাড আৰু আৰক্ষীৰ লোক উপস্থিত হোৱাত একাংশ লোকে আক্ৰমণ কৰে৷

ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী -নিৰাপত্তা বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ইফালে আক্ৰমণত জড়িত বাকীসকল পলায়ন কৰিবলৈ সক্ষম হয় যদিও উমেশ ৱাৰী নামৰ এজন লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷

শেহতীয়া বাতৰি