মুখ্যপৃষ্ঠা »খবৰ »অসম »উদালী কাণ্ডঃ ২৪ অভিযুক্তৰ ১৪ জনক জে'ললৈ প্ৰেৰণ, ফাষ্টট্ৰেকত বিচাৰ চলোৱাৰ আশ্বাস

উদালী কাণ্ডঃ ২৪ অভিযুক্তৰ ১৪ জনক জে'ললৈ প্ৰেৰণ, ফাষ্টট্ৰেকত বিচাৰ চলোৱাৰ আশ্বাস

তিনি আক্ৰমণকাৰী নাবালক হোৱাত আদালতে অহা দুদিনৰ ভিতৰত তদন্তকাৰী বিষয়াক তেওঁলোকৰ বয়সৰ নথিপত্ৰসহ লিখিত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে৷

তিনি আক্ৰমণকাৰী নাবালক হোৱাত আদালতে অহা দুদিনৰ ভিতৰত তদন্তকাৰী বিষয়াক তেওঁলোকৰ বয়সৰ নথিপত্ৰসহ লিখিত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে৷

তিনি আক্ৰমণকাৰী নাবালক হোৱাত আদালতে অহা দুদিনৰ ভিতৰত তদন্তকাৰী বিষয়াক তেওঁলোকৰ বয়সৰ নথিপত্ৰসহ লিখিত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে৷

  • Share this:

কালি ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি হোজাইৰ উদালীৰ ফুলতলী মডেল হাস্পতালৰ কোভিড কেয়াৰ চেণ্টাৰত  একাংশ উদণ্ড লোকে কৰ্তব্যৰত  চিকিৎসকক জঘন্যভাৱে প্ৰহাৰ কৰা ঘটনাত আৰক্ষীয়ে তৎপৰতাৰে ২৪ জন অভিযুক্তক আটক কৰে।


চিকিৎসক সেউজ কুমাৰ সেনাপতিক প্ৰহাৰ কৰা ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কমৰ উদ্দিন, জয়নাল উদ্দিন,ৰাহান উদ্দিন, চাইফুল আলম, ৰহিম উদ্দিন, ৰিজুল ইছলাম, তৈয়বুৰ ৰহমান, ৰহিম উদ্দিন, আব্দুল কালাম, নজৰুল ইছলাম, আব্দুল গনি, দিলৱাৰ হুছেইন, আব্দুল হুছেইন, আনোৱাৰ হুছেইন, ইক্ৰামুল হুছেইন, নাছিৰ উদ্দিন, আলিম উদ্দিন, জামিল আহমদ, চাহিল ইছলাম, শ্বৰিফ উদ্দিন, শ্বফিক উদ্দিন, মফিজুৰ ৰহমান, মতিবুৰ ৰহমান আৰু মিচবা বেগমক ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)১৪৩/৩৪২/৪৪৭/৩৩৩/৩০৭/৩৫৩/৪২৭/ আৰ ডব্লিউ  চাৰি নং পি ডি এক্ট, কৰ্মৰত চিকিৎসক সেৱা আইনৰ ৬/৭ আৰু দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ধাৰাত জিলা সদৰ শংকৰদেৱ নগৰৰ ন্যায়িক আদালতত হাজিৰ কৰে ।


আদালতে ১৪ জন অভিযুক্তক জে'ললৈ প্ৰেৰণ কৰাৰ লগতে সাতজনক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আৰু তিনিজন অভিযুক্ত নাবালক হোৱাৰ বাবে আৰক্ষীৰ বিশেষ জিম্মাত প্ৰদান কৰে। এই তিনি নাবালক আক্ৰমণকাৰীক আদালতে অহা দুদিনৰ ভিতৰত তদন্তকাৰী বিষয়াক তেওঁলোকৰ বয়সৰ নথিপত্ৰসহ লিখিত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে৷ চৰকাৰী পক্ষৰ অধিবক্তা হিচাপে অভিযুক্তসকলৰ বিপক্ষে যুক্তি প্ৰদৰ্শন কৰে অধিবক্তা অমৰজ্যোতি শইকীয়াই ।


ইফালে অসমৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে যোৱানিশা অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত লংকাৰ ফুলতলীৰ কোভিড কেয়াৰ চেণ্টাৰত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লয়৷ পিছত তেওঁ হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগত এক আলোচনাত মিলিত হৈ দোষীসকলক সোনকালে আটক কৰিবলৈ দাবী জনায়৷


আজি অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ দোষীসকল যাতে আইনী সুৰুঙাৰে সাৰি যাব নোৱাৰে, তাৰ বাবে বিহিত ব্যৱস্থা ল'বলৈ তেওঁ হোজাই আৰক্ষী অধীক্ষকক কঠোৰ নিৰ্দেশ দি শীঘ্ৰে এই ঘটনাৰ চাৰ্জশ্বিট দিয়াৰ উপৰি আদালতৰ সহযোগিতাত গোচৰটো ফাষ্টট্ৰেক আদালতৰ জৰিয়তে আগুৱাই নিব পাৰি নেকি তাৰ ব্যৱস্থ গ্ৰহণ কৰাৰ আশ্বাস দিয়ে।


আজি চিকিৎসক আক্ৰমণৰ প্ৰতিবাদত হোজাইৰ চিকিৎসালয়সমূহত বহিঃবিভাগ বন্ধ ৰাখি চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰে ।

শেহতীয়া বাতৰি