স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ভয়ংকৰ কূটাঘাত। আছাম ৰাইফলছৰ শিৱিৰত আক্ৰমণ আলফা(স্বাঃ)–NSCNৰ। ভাৰত–ম্যানমাৰ সীমান্তৰ পাংছুপাছত এই সংঘৰ্ষ। সেনাই নতুনকৈ স্থাপন কৰা শিৱিৰত আক্ৰমণ সংঘটিত হৈছে। পুৱতিনিশাৰ পৰা দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। পুৱা ৫ বজালৈ সংঘটিত হয় এই গুলীয়াগুলি। ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে দুখন এম্বুলেঞ্চ। এইপৰ্যন্ত জানিব পৰা হোৱা নাই হতাহতৰ খবৰ। অৱশ্যে আক্ৰমণৰ ঘটনাৰ দায়িত্ব এতিয়াও স্বীকাৰ কৰা নাই আলফা স্বাধীন বা এন এছ চি এনে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 09, 2022, 07:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।