আছাম ৰাইফলছৰ দলৰ ওপৰত আলফা (স্বাঃ) আৰু NSCN(K)ৰ ভয়ংকৰ আক্ৰমণ

NSCN(K)ৰ কমাণ্ডাৰ লেফটেনেণ্ট ন্যামলাং আৰু ULFA-Iৰ কমাণ্ডাৰ নয়ন অসমৰ নেতৃত্বত এই আক্ৰমণৰ সন্দেহ কৰা হৈছে।

News18-Assam
Updated:October 20, 2019, 11:13 AM IST
আছাম ৰাইফলছৰ দলৰ ওপৰত আলফা (স্বাঃ) আৰু NSCN(K)ৰ ভয়ংকৰ আক্ৰমণ
NSCN(K)ৰ কমাণ্ডাৰ লেফটেনেণ্ট ন্যামলাং আৰু ULFA-Iৰ কমাণ্ডাৰ নয়ন অসমৰ নেতৃত্বত এই আক্ৰমণৰ সন্দেহ কৰা হৈছে।
News18-Assam
Updated: October 20, 2019, 11:13 AM IST
নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফল্ছৰ দলৰ ওপৰত ভয়ংকৰ আক্ৰমণ। পুৱতিনিশা এই আক্ৰমণ চলায় আলফা স্বাধীন আৰু NSCN(K)ই। ৫০জনীয়া বিদ্ৰোহী গোটে সংঘটিত কৰে এই আক্ৰমণ। ভাৰত-ম্যানমাৰ সীমান্তৰ শ্বেনলৌশ্ব বস্তিত দুই পক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলি। বিদ্ৰোহীৰ গুলীত এজন জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে।

NSCN(K)ৰ কমাণ্ডাৰ লেফটেনেণ্ট ন্যামলাং আৰু ULFA-Iৰ কমাণ্ডাৰ নয়ন অসমৰ নেতৃত্বত এই আক্ৰমণৰ সন্দেহ কৰা হৈছে। এম্বুছৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই।



ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে বৃহৎ পৰিমাণৰ খালী কাৰ্টিজ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

 
আৰু চাওক পৰৱৰ্তী বাতৰি