ঢেকীয়াজুলিত শিল্পীৰ দলক আক্ৰমণ উদণ্ড যুৱকৰ, সাৰি নগ’ল যুৱতীও

কণ্ঠশিল্পী দীপচন তাঁতী আৰু বিপ্লৱিকা কুৰ্মীয়ে প্ৰায় চাৰে চাৰি ঘন্টা গীত পৰিৱেশন কৰাৰ অন্তত নিশা তিনিমান বজাত অনুষ্ঠান সামৰি গাড়ীত বহোতেই স্থানীয় সুৰামত্ত যুৱকৰ এটা দলে পুনৰ গীত পৰিৱেশনৰ দাবী তুলি বাক-বিতণ্ডা আৰম্ভ কৰে।

News18-Assam
Updated:October 29, 2019, 10:30 AM IST
ঢেকীয়াজুলিত শিল্পীৰ দলক আক্ৰমণ উদণ্ড যুৱকৰ, সাৰি নগ’ল যুৱতীও
কণ্ঠশিল্পী দীপচন তাঁতী আৰু বিপ্লৱিকা কুৰ্মীয়ে প্ৰায় চাৰে চাৰি ঘন্টা গীত পৰিৱেশন কৰাৰ অন্তত নিশা তিনিমান বজাত অনুষ্ঠান সামৰি গাড়ীত বহোতেই স্থানীয় সুৰামত্ত যুৱকৰ এটা দলে পুনৰ গীত পৰিৱেশনৰ দাবী তুলি বাক-বিতণ্ডা আৰম্ভ কৰে।
News18-Assam
Updated: October 29, 2019, 10:30 AM IST
ঢেকীয়াজুলিত কালী পূজাৰ নিশা শিল্পীৰ দলক আক্ৰমণ। উদণ্ড যুৱকৰ দলে আক্ৰমণ কৰে মহিলা শিল্পীকো। কালী পূজা উপলক্ষে অনুষ্ঠিত হৈছিল সাংস্কৃতিক অনুষ্ঠান। চুক্তিতকৈ অধিক সময় অনুষ্ঠান পৰিবেশনৰ দাবী দলটোক। পুৱালৈ অনুষ্ঠান পৰিবেশন নকৰাত শিল্পীৰ দলটোক আক্ৰমণ কৰে উদণ্ড যুৱকৰ এটা দলে। টিউলিপ চাহ বাগিচাত সংঘটিত হয় এই ঘটনা।

উল্লেখযোগ্য যে কালিপূজা উপলক্ষে সোমবাৰে টিউলিপ চাহ বাগিচাত আয়োজন কৰা হৈছিল সাংস্কৃতিক সন্ধিয়াৰ ৷ কণ্ঠশিল্পী দীপচন তাঁতী আৰু বিপ্লৱিকা কুৰ্মীয়ে প্ৰায় চাৰে চাৰি ঘন্টা গীত পৰিৱেশন কৰাৰ অন্তত নিশা তিনিমান বজাত অনুষ্ঠান সামৰি গাড়ীত বহোতেই স্থানীয় সুৰামত্ত যুৱকৰ এটা দলে পুনৰ গীত পৰিৱেশনৰ দাবী তুলি বাক-বিতণ্ডা আৰম্ভ কৰে। ইমানতে ক্ষান্ত নাথাকি শিল্পীৰ দলৰ গাড়ী আৰু যুৱতী শিল্পীগৰাকীকো আক্ৰমণ কৰে দলটোৱে।

ঘটনা খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে শিল্পীৰ দলটোক৷ ঘটনা সংক্ৰান্তত শিল্পীৰ দলটোৱে এখন এজাহাৰ দাখিল কৰে ঢেকীয়াজুলি থানাত ৷ বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি