প্ৰধানমন্ত্ৰীৰ আত্মনির্ভৰ ভাৰত গঢ়াৰ সপোনক সাৰ্থক কৰাৰ চেষ্টা এটি নাট্যগোষ্ঠীৰ। লকডাউনৰ কাৰণে আন ক্ষেত্ৰৰ লোকসকলৰ দৰে নাটকৰ লগত জড়িত থকা যুৱক–যুৱতীসকলৰ বন্ধ হৈ আছে নাট পৰিৱেশন। নাটকৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰা এটি নাট্য দল মঙ্গলদৈ উপহুপাৰাৰ "জেংৰাই" নাট্য গোষ্ঠী। লকডাউনৰ কাৰণে দলটোত থকা ২৫ জনীয়া শিল্পীসকলৰ এতিয়া উপাৰ্জনৰ কোনো পথ নাইকীয়া হৈ পৰিছে।
তেনে সময়তে এটি আচাৰৰ উদ্যোগৰ জৰিয়তে আত্মনির্ভৰ হোৱাৰ সপোন দেখিছে "জেংৰাই" নাট্যগোষ্ঠীটোৱে।
দলটোৰ ২৫গৰাকী শিল্পীয়ে স্বাৱলম্বী হ’বলৈ চেষ্টা কৰিছে। সঞ্চালক বিশ্বজিৎ ডেকাৰ লগতে আছে ৰাতুল ডেকা, জয়ন্ত ডেকা, মৌচুমী মহন্ত, নিনামণি কলিতা, ডলী চক্ৰৱৰ্তী, নৱনীতা শইকীয়া, ৰুণজুন মহন্ত, বৰষা ডেকা, হিমাংশু শৰ্মা, ৰাকেশ ডেকা, পুলকেশ বড়ো, গকুল ডেকা, জ্যোতিষ ডেকা, সুভাষ কলিতা, প্ৰাণজিৎ কলিতা, নিবেদিতা বৰুৱা, ৰাজশ্ৰী কলিতা, হিয়াৰিকা কলিতা, হিৰণ্য শৰ্মা, ঋতুমণি ডেকা, ভূপেন ডেকা, অমল কুমাৰ, ভাগ্যশ্ৰী কলিতা, পিংকি কলিতা আৰু কাব্যম ৰাজ।
সঞ্চালক বিশ্বজিৎ ডেকাই জানিবলৈ দিয়া মতে, তেওঁলোকে সাধাৰণভাৱে আৰম্ভ কৰা উদ্যোগটো ৰাইজে আদৰি লৈছে। তেওঁ লগতে উল্লেখ কৰে দৰং কৃষিত আগৰণুৱা জিলা, প্ৰত্যেকৰে বাৰীত আছে থলুৱা ফল, টেঙাজাতীয় ফল আৰু সেই ফল সমূহ সংৰক্ষণ কৰি সাধাৰণ কৃষকক মূল্য এটা দিব পাৰিম আৰু তেওঁলোকৰ জৰিয়তে আমিও লাভান্বিত হ’ব পাৰিম।
‘আমাৰ উদ্যোগটোৰ উৎপাদিত আচাৰ সুন্দৰভাৱে আদৰি লৈছে ৰাইজে। প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা আত্মনির্ভৰ ভাৰতৰ এক উদাহৰণ হৈ পৰিছে এইটো উদ্যোগতো। লকডাউনৰ কাৰণে বন্ধ হৈ পৰিছে বহু উদ্যোগ, তেনে সময়তে গঢ় লৈ উঠা উদ্যোগটোৱে যথেষ্ট সঁহাৰি লাভ কৰিছে।’ – ক’লে ডেকাই।
উল্লেখযোগ্য যে "জেংৰাই" নাট্য গোষ্ঠী দেশৰ ভিন্ন প্ৰান্তত নাটকৰ জৰিয়তে ৰাইজৰ মাজত প্ৰতিষ্ঠা লাভ কৰা এটি নাট্যগোষ্ঠী৷ নাট্যগোষ্ঠীটোৰ লগত জড়িত হৈ আছে বহু যুৱক–যুৱতী৷ অতি হেপাঁহেৰে নাটক কৰা এইসকল যুৱক-যুৱতীৰ জীৱনলৈ লকডাউনে আনিলে আৰ্থিক দুৰৱস্থা। নাটকৰ পৰিৱেশন দুমাহ ধৰি বন্ধ থকাৰ বাবে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে শিল্পীসকল।সেয়ে এতিয়া জেংৰাইৰ প্ৰচেষ্টাত নতুনকৈ জন্ম পালে এই "জেংৰাই আচাৰ" নামৰ উদ্যোগটো। লকডাউন কিছু শিথিল হোৱাৰ লগে লগে গুৱাহাটী, তেজপুৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰিছে বিভিন্ন আচাৰসমূহ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|