আত্মনিৰ্ভৰ ভাৰত, সাংবাদিকে দেখুৱালে দৃষ্টান্ত 

News18 Assam | News18-Assam
Updated:June 3, 2020, 2:11 PM IST
আত্মনিৰ্ভৰ ভাৰত, সাংবাদিকে দেখুৱালে দৃষ্টান্ত 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি উদ্বুদ্ধ হৈ গুৱাহাটীৰ এগৰাকী সাংবাদিকে আৰম্ভ কৰিছে এখন ফল–মূলৰ দোকান৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি উদ্বুদ্ধ হৈ গুৱাহাটীৰ এগৰাকী সাংবাদিকে আৰম্ভ কৰিছে এখন ফল–মূলৰ দোকান৷

  • Share this:
লকডাউনে সলনি কৰিছে বহুতৰে জীৱন৷ লকডাউনৰ সময়ছোৱাত পথাৰ আৰু বজাৰ অসমীয়াই নিজৰ দখললৈ আনিবলে লৈছে দৃঢ় সংকল্প৷ সামাজিক মাধ্যমতো এই বিষয়টোক লৈ চলিছে ব্যাপক চৰ্চা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশবাসীক সম্বোধন কৰোতে বাৰম্বাৰ আত্মনিৰ্ভৰ ভাৰতৰ কথা উল্লেখ কৰিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ প্ৰতি উদ্বুদ্ধ হৈ গুৱাহাটীৰ এগৰাকী সাংবাদিকে আৰম্ভ কৰিছে এখন ফল–মূলৰ দোকান৷ হেমন্ত কুমাৰ শৰ্মা নামৰ সাংবাদিকজনে হেঙেৰাবাৰীত আৰম্ভ কৰিছে দোকানখন৷

"দৰমহাৰ টকাৰে মাহটো খাবলৈ নোজোৰে বাবে মই মহানগৰীৰে এটা এলেকাত ফল-মূলৰ ব্যৱসায়ত ধৰিছো৷ অসৎ পথো ল’ব নোৱাৰো৷ কোনোবাই বিচাৰিলে ফল-মূলৰ হোম ডেলিভাৰীৰো ব্যৱস্থা আছে…৷" দ্ব্যৰ্থহীনভাৱে ক'লে হেমন্ত কুমাৰ শৰ্মাই।

দুখনকৈ গ্ৰন্থৰ ৰচক হেমন্ত কুমাৰ শৰ্মাই লগতে ক'লে "সময় এতিয়া হাতে–কামে লগাৰ৷ সময় এতিয়া এক বিপ্লৱ গঢ়াৰ৷ আমি কৈ থাকিলেই নহ'ব৷ হাতে কামে কৰি দেখুৱাব লাগিব৷ সমস্যাবোৰৰ সমাধান সুত্ৰ আমি নিজেই উলিয়াব লাগিব৷"

First published: June 3, 2020, 2:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading