ছয়গাঁৱত টকাসহ ডকাইতে উঠাই নিয়া এ টি এম উদ্ধাৰ হ’ল গেৰেজত

News18 Assam | News18-Assam
Updated:June 29, 2020, 11:44 AM IST
ছয়গাঁৱত টকাসহ ডকাইতে উঠাই নিয়া এ টি এম উদ্ধাৰ হ’ল গেৰেজত
আৰক্ষীয়ে কটা মেচিনটোৰ লগতে মজিবৰৰ ঘৰৰ পৰা এটিএমত থকা নগদ ১ লাখ ১৫ হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

আৰক্ষীয়ে কটা মেচিনটোৰ লগতে মজিবৰৰ ঘৰৰ পৰা এটিএমত থকা নগদ ১ লাখ ১৫ হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

  • Share this:
দক্ষিণ কামৰূপৰ ছাটাবাৰীস্থিত ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰৰ পৰা দেওবাৰে নিশা ডকাইতে উঠাই নিয়া টকাভৰ্তি এটিএম চাম্পুপাৰাত উদ্ধাৰ৷ বকো আৰক্ষীৰ নেতৃত্বত কামৰূপ আৰক্ষীয়ে উদ্বাৰ কৰে মেচিনটো ৷ নিশা প্ৰায় ১২.৩০ বজাত উদ্যোগিক পামৰ ১নং গে’টত থকা এছ বি আইৰ এটিএমটো ডকাইতৰ দলটোৱে ছিকিউৰিটী গাৰ্ডক বান্ধি, পিষ্টলেৰে ভাবুকি দেখুৱাই লুট কৰি নিছিল। পিছত আজি পুৱাৰে পৰা বকো থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই এটিএমৰ সন্ধানত আৰু এই ঘটনাত জড়িত ডকাইতৰ বিৰুদ্ধে চলাইছিল অভিযান৷

অভিযানত ছয়গাঁৱৰ চাম্পুপাৰাৰ মজিবৰ ৰহমান নামৰ লোক এজনৰ গেৰেজৰ পৰা কটা অৱস্থাত এটিএমটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী৷ আৰক্ষীয়ে কটা মেচিনটোৰ লগতে মজিবৰৰ ঘৰৰ পৰা এটিএমত থকা নগদ ১ লাখ ১৫ হাজাৰ টকাও উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে আটক কৰে গেৰেজৰ মালিক মজিবৰ ৰহমান, তেওঁৰ পুত্ৰ নুৰ ইছলাম, ইউছুব আলী আৰু মজিবৰৰ বোৱাৰীয়েকক৷ অধিক তথ্য উদ্ঘাটনৰ বাৰে চাৰিওকে আৰক্ষীয়ে বকো থানালৈ আনি সোধা–পোছা অব্যাহত ৰাখিছে৷
First published: June 29, 2020, 11:44 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading