বকোত নৈৰ বুকুত ওলাল SBIৰ এটিএম, ডুবাৰুৱে কেইবাঘণ্টাৰ পিছত উদ্ধাৰ কৰিলে মেচিনটো

News18 Assam | News18-Assam
Updated:August 1, 2020, 12:54 PM IST
বকোত নৈৰ বুকুত ওলাল SBIৰ এটিএম, ডুবাৰুৱে কেইবাঘণ্টাৰ পিছত উদ্ধাৰ কৰিলে মেচিনটো
চাৰি ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী বিষয়া মুন্না পাচনিৰ নেতৃত্বত বকোৰ দেউচৰ নদীৰ পৰা বকো এছ ডি আৰ এফ ৰ এটা ডুবাৰু দলৰ সহায়ত এ টি এম ৰ মেচিনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

চাৰি ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী বিষয়া মুন্না পাচনিৰ নেতৃত্বত বকোৰ দেউচৰ নদীৰ পৰা বকো এছ ডি আৰ এফ ৰ এটা ডুবাৰু দলৰ সহায়ত এ টি এম ৰ মেচিনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

  • Share this:
দক্ষিণ কামৰূপৰ বকোত অসম আৰক্ষীৰ বৃহৎ সাফল্য ৷ বকোৰ দেউচৰ নদীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে চুৰি হোৱা এটা এ টি এম মেচিন ৷ যোৱা ২৭ জুনত বকো থানাৰ অন্তৰ্গত ছয়গাঁৱৰ উদ্যোগিক বিকাশ কেন্দ্ৰৰ চৌহদৰ পৰা ডকাইতৰ দল এটাই ভাৰতীয় ষ্টেট বেংকৰ এ টি এম চুৰি কৰি লৈ গৈছিল। এ টি এমটোত আছিল নগদ ২৫ লাখ ৪১ হাজাৰ টকা ৷

বকো আৰক্ষীয়ে এই ঘটনাৰ পাছতে তাৎক্ষণিক ভাৱে ডকাইতৰ দলটোৰ শুংসূত্ৰ উলিয়াই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ডকাইতি কাৰ্যত জড়িত পাঁচজন ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল ।

আৰক্ষীয়ে কৰায়ত্ব কৰা ডকাইতৰ দলৰ স্বীকাৰোক্তিৰ বিৱৰণৰ ভিত্তিত কিছুদিন পূৰ্বে বকো থানাৰ অন্তৰ্গত জামবাৰী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনিয়ে নেতৃত্ব দিয়া আৰক্ষীৰ দল এটাই দক্ষিণ কামৰূপৰ বিভিন্ন স্থানৰপৰা পুনৰ ৪ জন ডকাইতক কৰায়ত্ব কৰে ।

এই চাৰিওগৰাকী ডকাইতৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষী বিষয়া মুন্না পাচনিৰ নেতৃত্বত বৃহস্পতিবাৰে বকোৰ দেউচৰ নদীৰ পৰা বকো এছ ডি আৰ এফ ৰ এটা ডুবাৰু দলৰ সহায়ত এ টি এম ৰ মেচিনটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। 

আৰক্ষীয়ে বৰ্তমানলৈ নগদ ৫ লাখ টকা, ডকাইতি কৰা ধনেৰে কিনা বিভিন্ন সামগ্ৰী তথা বেংকত জমা কৰা ধন আদি ডকাইতৰ দলৰ পৰা উদ্ধাৰ কৰিছে । উক্ত ঘটনাৰ তদন্তৰ দায়িত্বত থকা আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত আন কেইবাজনো ডকাইত অতিশীঘ্ৰে জালত পৰিব ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যকৰ পৰিবেশ বিৰাজ কৰিছে ৷
First published: August 1, 2020, 12:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading