உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ATMত টাৰ্গেট যুৱতী-মহিলা আৰু বয়োজ্যেষ্ঠ লোক! ৰাজ্যত পিয়াপি দি ফুৰিছে বহিঃ ৰাজ্যৰ প্ৰৱঞ্চকৰ দলে! জালত পৰা চাৰি যুৱকৰ স্বীকাৰোক্তিয়ে টোপনি হৰিছে আৰক্ষীৰ...

    ATMত টাৰ্গেট যুৱতী-মহিলা আৰু বয়োজ্যেষ্ঠ লোক! ৰাজ্যত পিয়াপি দি ফুৰিছে বহিঃ ৰাজ্যৰ প্ৰৱঞ্চকৰ দলে! জালত পৰা চাৰি যুৱকৰ স্বীকাৰোক্তিয়ে টোপনি হৰিছে আৰক্ষীৰ...

    টাৰ্গেট কৰি লোৱা ATMটো বিকল কৰি লয় প্ৰৱঞ্চকৰ দলটোৱে ৷ আৰু ATMটোৱে কাম নকৰা দেখুৱাই সহায় কৰাৰ চলেৰে প্ৰৱঞ্চনাৰ জাল পেলাই দলটোৱে ৷ 

    টাৰ্গেট কৰি লোৱা ATMটো বিকল কৰি লয় প্ৰৱঞ্চকৰ দলটোৱে ৷ আৰু ATMটোৱে কাম নকৰা দেখুৱাই সহায় কৰাৰ চলেৰে প্ৰৱঞ্চনাৰ জাল পেলাই দলটোৱে ৷ 

    টাৰ্গেট কৰি লোৱা ATMটো বিকল কৰি লয় প্ৰৱঞ্চকৰ দলটোৱে ৷ আৰু ATMটোৱে কাম নকৰা দেখুৱাই সহায় কৰাৰ চলেৰে প্ৰৱঞ্চনাৰ জাল পেলাই দলটোৱে ৷ 

    • Share this:
    ৰাজ্যত পিয়াপি দিছে বহিঃ ৰাজ্যৰ প্ৰৱঞ্চকৰ দলে ৷  প্ৰৱঞ্চকৰ দলটেৱে প্ৰৱঞ্চনাৰ পূৰ্বে বিকল কৰি থয় ATM ৷ গুৱাহাটী, আজাৰা, দদৰা, বৰপেটাৰ বিভিন্ন অঞ্চলত প্ৰৱঞ্চকৰ দলটোৱে লুটিলে লক্ষ লক্ষ টকা ৷ বৰপেটাত গ্ৰেপ্তাৰ হোৱা বহিঃ ৰাজ্যৰ ৩ প্ৰৱঞ্চকে জেৰাত স্বীকাৰ কৰিছে বহু গুৰুত্বপূৰ্ণ তথ্য ৷

    মূলতঃ ATMৰ পৰা টকা উলিয়াবলৈ যোৱা যুৱতী, মহিলা আৰু বয়েজ্যেষ্ঠ লোকক টাৰ্গেট কৰি ডেবিট কাৰ্ড প্ৰৱঞ্চনাৰে লুটিছে লক্ষ লক্ষ টকা ৷ বৰপেটাত বহিঃৰাজ্যৰ তিনি প্ৰৱঞ্চক আৰক্ষীৰ জালত পৰাৰ পিছতেই পোহৰলৈ আহিছে প্ৰৱঞ্চনাৰ বহু ভয়াৱহ তথ্য ৷

    বৰপেটা চহৰৰ SBIৰ এটা ATMৰ পৰা ধন উলিওৱাৰ সময়ত কৌশলেৰে গ্ৰাহকৰ ডেবিট কাৰ্ড সলনি কৰি ধন লুট কৰাৰ কাৰ্যত জড়িত বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দল এটা ৫ এপ্ৰিলত গ্ৰেপ্তাৰ হৈছিল বৰপেটাত ৷ এগৰাকী মহিলাৰ পৰা কৌশলেৰে ডেবিট কাৰ্ড সলনি কৰি  বহিঃ ৰাজ্যৰ তিনিজনীয়া প্ৰৱঞ্চকৰ দল এটাই ৩০ হাজাৰ টকা উলিয়াই নিয়াৰ পিছতে আৰক্ষীৰ জালত পৰিছিল দিল্লীৰ চুলতানপুৰীৰ মুকেশ, গোবিন্দ সিং আৰু হাৰিয়ানাৰ চান্নি ৷

    আনহাতে প্ৰৱঞ্চকৰ দলটোৰ পৰা উদ্ধাৰ হৈছিল ৩০ খন চুৰি ডেবিট কাৰ্ড আৰু HR 12K 3473 নম্বৰৰ এখন চাৰিচকীয়া বাহন ৷ প্ৰৱঞ্চকৰ দলটোৰ পৰা উদ্ধাৰ হোৱা চুৰি ডেবিট কাৰ্ড সমূহৰ সূত্ৰ ধৰি তদন্ত আগবঢ়াই নিছে বৰপেটা আৰক্ষীয়ে ৷ ইফালে ঘটনা পোহৰলৈ অহাৰ পিছতে শুকুৰবাৰে বৰপেটা সদৰ থানাত উপস্থিত হ'ল গুৱাহাটীৰ এগৰাকী যুৱতী ৷ বকোৰ এখন মহাবিদ্যালয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত যুৱতীগৰাকীৰ ডেবিট কাৰ্ডখন উদ্ধাৰ হয় প্ৰৱঞ্চকৰ দলটোৰ হাতত ৷

    আজি বৰপেটাত উপস্থিত হৈ যুৱতীগৰাকীয়ে জনোৱা মতে- আজাৰাৰ এটা ATM ৰ পৰা তেওঁৰ ডেবিট কাৰ্ডখন সলনি কৰি উক্ত প্ৰৱঞ্চকৰ দলটোৱে উলিয়াই নিছিল ১ লাখ ৭ হাজাৰ টকা ৷

    ATM লৈ অহা যুৱতী, মহিলা বা বয়োজ্যেষ্ঠ লোকক টাৰ্গেট কৰি টকা উলিওৱাত সহায় কৰাৰ চলেৰে কৌশলেৰে ডেবিট কাৰ্ডখন সলনি কৰি প্ৰৱঞ্চকৰ দলটোৱে উলিয়াই নিয়ে বেংকত জমা থকা গ্ৰাহকৰ ধন ৷ প্ৰৱঞ্চকৰ দলটোৰ পৰা ইতিমধ্যে টকা ট্ৰেঞ্চফাৰ কৰা এটা Paytm জব্দ কৰা হৈছে ৷ লক্ষ্যণীয়ভাৱে যিটো Paytm ৰে প্ৰৱঞ্চকৰ দলটোৱে টকা ট্ৰেঞ্চফাৰ কৰে বা নগদ টকা উলিয়ায় সেই Paytmটো দিল্লীৰ  AMBA ENTERPRISES নামৰ এটা ব্যৱসায়িক সংস্থাৰ সৈতে জড়িত আছে ৷

    যুৱতী অধ্যাপিকাগৰাকীৰ সন্দেহ— টাৰ্গেট কৰি লোৱা ATMটো বিকল কৰি লয় প্ৰৱঞ্চকৰ দলটোৱে ৷ আৰু ATMটোৱে কাম নকৰা দেখুৱাই সহায় কৰাৰ চলেৰে প্ৰৱঞ্চনাৰ জাল পেলাই দলটোৱে ৷
    Published by:Himangshu Bhuyan
    First published: