মহানগৰৰ ATM ত চাইবাৰ অপৰাধীয়ে সংযোগ কৰিছে বিশেষ যন্ত্ৰ! মুহূৰ্ততে লুটি নিব আপোনাৰ কষ্টৰ ধন

News18-Assam
Updated:September 2, 2019, 9:55 PM IST
মহানগৰৰ ATM ত চাইবাৰ অপৰাধীয়ে সংযোগ কৰিছে বিশেষ যন্ত্ৰ! মুহূৰ্ততে লুটি নিব আপোনাৰ কষ্টৰ ধন
Source-Google

ক্ৰমাত বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম

  • Share this:
ক্ৰমাত বৃদ্ধি পাইছে চাইবাৰ ক্ৰাইম। অসমত দ্বিতীয়বাৰৰ বাবে চাইবাৰ অপৰাধীয়ে সংযোগ কৰিলে ATM হেক কৰিব পৰা সামগ্ৰী। মহানগৰীৰ হাতীগাঁও চাৰিআলিৰ সমীপতে থকা ইউনিয়ন বেংকৰ ATM ত  সংযোগ কৰিলে কাৰ্ড ষ্কেন কৰিব পৰা মেচিন, চিচি কেমেৰা, ৩২ জিপিৰ তথ্য সংগ্ৰহ কৰিব পৰা মেমৰি কাৰ্ড ।

এজন সচতন লোকে ধন উলিওৱাৰ সময়ত পোহৰলৈ আহে সমগ্ৰ ঘটনা । লোকজনে ততাতৈয়াকৈ খবৰ দিয়ে হাতীগাঁও আৰক্ষী আৰু বেংক বিষয়াৰ লোকক ।

ATM টোত আৰক্ষীৰ লোক উপস্থিত হৈ ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত  । বেংক কৰ্তপক্ষও ATM টোত সংগ্ৰহ কৰিছে চিচি কেমেৰাৰ ভিজুৱেল।

সম্প্ৰতি কোন লোকক সোমাব দিয়া নাই ATM টোত।

উল্লেখযোগ্য যে যোৱা ২৩ আগষ্ঠ তাৰিখে ৰাজধানী দিশপুৰত এনে ধৰনৰ প্ৰথমটো মেচিন সংযোগ কৰিছিল SBI ATM ত ।

হাতীগাঁও আৰক্ষী আৰু crime branch–এ যুটীয়া ভাবে চলাইছে অভিযান
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading