মুখ্যপৃষ্ঠা »খবৰ »অসম »Tayabun Nisha : এথলীট তয়াবুন নিছাই ৫৭ বছৰৰ পিছত বান্ধৱীক ঘূৰাই দিলে এটা সোণৰ আঙঠিৰ মূল্য, এই আঙঠিৰ আছে এক গুৰুত্বপূৰ্ণ ইতিহাস

Tayabun Nisha : এথলীট তয়াবুন নিছাই ৫৭ বছৰৰ পিছত বান্ধৱীক ঘূৰাই দিলে এটা সোণৰ আঙঠিৰ মূল্য, এই আঙঠিৰ আছে এক গুৰুত্বপূৰ্ণ ইতিহাস

এতিয়া দুয়োৰে বয়স ৭০ বছৰ। পিছে জীৱনৰ এই বিয়লি বেলাতো তয়াবুন নিছাই পাহৰিব পৰা নাছিল বান্ধৱীৰ হেৰোৱা আঙঠিৰ কথা।

এতিয়া দুয়োৰে বয়স ৭০ বছৰ। পিছে জীৱনৰ এই বিয়লি বেলাতো তয়াবুন নিছাই পাহৰিব পৰা নাছিল বান্ধৱীৰ হেৰোৱা আঙঠিৰ কথা।

এতিয়া দুয়োৰে বয়স ৭০ বছৰ। পিছে জীৱনৰ এই বিয়লি বেলাতো তয়াবুন নিছাই পাহৰিব পৰা নাছিল বান্ধৱীৰ হেৰোৱা আঙঠিৰ কথা।

  • Share this:
অসমৰ প্ৰখ্যাত এথলীট তয়াবুন নিছাই ৫৭ বছৰৰ পিছত বান্ধৱীক ঘূৰাই দিলে এটা সোণৰ আঙঠিৰ মূল্য। আজিৰ পৰা ৫৭ বছৰ পূৰ্বে ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই এগৰাকী ছাত্ৰীৰ হেৰাইছিল এটা আঙঠি। জুলেখা বেগম নামৰ ছাত্ৰীগৰাকীৰ হেৰাইছিল সোণৰ আঙঠি। আঙঠিটো লাভ কৰিছিল একে শ্ৰেণীৰে ছাত্ৰী তয়াবুন নেছাই। কিন্তু সেই সময়ত আঙঠিটো পাই ঘূৰাই নিদি বিক্ৰী কৰি দিছিল তয়াবুন নিছাই (Tayabun Nisha)।

গুৰুত্বপূৰ্ণ যে এই আঙঠি বিক্ৰী কৰা ধনেৰে খেলিবলৈ গৈছিল স্কুলীয়া ছাত্ৰী তয়াবুন নিছাই। পৰৱৰ্তী পৰ্যায়ত ডিছকাছ থ্ৰ' খেলত ৰাষ্ট্ৰীয় পৰ্যায়তো উজলি উঠিছিল নিছা। ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয় তেওঁ। ইয়াৰ লগতে তেওঁ ভালেসংখ্যক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

এতিয়া দুয়োৰে বয়স ৭০ বছৰ। পিছে জীৱনৰ এই বিয়লি বেলাতো তয়াবুন নিছাই পাহৰিব পৰা নাছিল বান্ধৱীৰ হেৰোৱা আঙঠিৰ কথা। আৰু আজি গুৱাহাটীৰ মালিগাঁৱৰ পৰা সোণৰ আঙঠিটোৰ মূল্য লৈ বান্ধৱী জুলেখা বেগমৰ শিৱসাগৰ কুকুৰাপুহীয়াস্থিত বাসগৃহত উপস্থিত হ'লগৈ তয়াবুন নিছা। ওভতাই দিলে ৫৭ বছৰৰ পিছত বান্ধৱীৰ হেৰোৱা আঙঠি। কিন্তু এই আঙঠিয়ে হয়তো খেল জীৱনৰ এটা দীঘলীয়া সফল পৰিক্ৰমা পাৰ কৰাত সহায় কৰিছিল তেওঁক। সুদীৰ্ঘ বছৰৰ মূৰত দুয়ো বান্ধৱী লগ হৈ আৱেগিক হৈ পৰিল। পৰিয়ালৰ লোকসকল সাক্ষী হৈ ৰ'ল এই বিৰল ঘটনাৰ।

নিছাই কয় যে সহপাঠীৰ সোণৰ আঙঠি ঘূৰাই নিদি মনত অতদিনে খূ-দুৱনি লাগি আছিল। স্কুলীয়া দিনতে সেই আঙঠি বিক্ৰী কৰি পোৱা ধনেৰে খেলিবলৈ ওলাই যোৱা হৈছিল। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা প্ৰাপ্তি হৈছিল। খেলৰ যোগেদিয়েই ৰে'লৱেত চাকৰি লাভ কৰিছিল। এতিয়া পূৰ্বৰ অভাৱ নাই তেওঁৰ। কিন্তু মাজে মাজে বান্ধৱীৰ আঙঠি বিক্ৰী কৰাৰ দোষে মনত হেন্দোলনী তোলে তয়াবুন নিছাৰ। তাৰ পৰিণতিয়েই আছিল আজিৰ দিনটো। বিক্ৰী কৰা আঙঠিটো ঘূৰাই দিব নোৱাৰিলেও বান্ধৱী জুলেখাৰ হাতত গুজি দিয়ে ইয়াৰ মূল্য।

ইফালে, এই আঙঠি হেৰুওৱা কথাটো সময়ৰ গতিত জুলেখাই পাহৰি গৈছিল যদিও আজি তাৰ মূল্য লাভ কৰি পুৰণি অভজ্ঞতাই পুলকিত কৰে মন। তাতোকৈয়ো ভাল লাগিছিল বহু বছৰৰ মূৰত এনেকৈ দুয়ো বান্ধৱী লগ হ'বলৈ পোৱা বাবে।

শেহতীয়া বাতৰি