পৰ্যটন বিভাগৰ প্ৰতিযোগিতাত অংশ লওক, পুৰস্কাৰ জিকক

প্ৰিয়ংকা চোপ্ৰাৰ লগত থকা চুক্তি শেষ হ’ল যদিও এবছৰ ধৰি প্ৰিয়ংকা চোপ্ৰাৰ ফটো, ভিডিঅ’ ব্যৱহাৰ কৰিব নিগমে।

News18-Assam
Updated:August 16, 2019, 12:10 PM IST
পৰ্যটন বিভাগৰ প্ৰতিযোগিতাত অংশ লওক, পুৰস্কাৰ জিকক
প্ৰিয়ংকা চোপ্ৰাৰ লগত থকা চুক্তি শেষ হ’ল যদিও এবছৰ ধৰি প্ৰিয়ংকা চোপ্ৰাৰ ফটো, ভিডিঅ’ ব্যৱহাৰ কৰিব নিগমে।
News18-Assam
Updated: August 16, 2019, 12:10 PM IST
অসম পৰ্যটনক অধিক গতি প্ৰদানৰ উদ্দেশ্যে বিভাগটোৱে হাতত লৈছে বিশেষ পদক্ষেপ। Awesome Assamৰ ভিত্তিত পৰ্যটন বিভাগে আয়োজন কৰিছে এখন প্ৰতিযোগিতাৰ। ছুটী ছবি, ফটোগ্ৰাফী, লেখনী প্ৰতিযোগিতাৰ আয়োজন কৰিছে বিভাগটোৱে। সংবাদমেলযোগে এই কথা জনালে ATDCৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।

১ৰ পৰা ৩ মিনিটৰ ভিতৰত হ’ব লাগিব ছুটি ছবি। ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব ছুটী ছবি, ফটোগ্ৰাফী আৰু লেখনীসমূহ। লেখনীসমূহ হ’ব লাগিব ২০০ শব্দৰ ভিতৰত। বিজয়ীসকলক বিশ্ব পৰ্যটন দিৱসত প্ৰদান কৰা হ’ব বঁটা। বঁটাৰ লগতে থাকিব ধনৰ টোপোলা। শ্ৰেষ্ঠ ছুটী ছবিলৈ আগবঢ়োৱা হ’ব ১ লাখ টকা। দ্বিতীয় বিজয়ীক ৭৫ হাজাৰ আৰু তৃতীয়ক প্ৰদান কৰা হ’ব ৫০ হাজাৰ টকা।

শ্ৰেষ্ঠ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীক প্ৰদান কৰা হ’ব ২৫ হাজাৰ টকা। দ্বিতীয় বিজয়ীক ২০ হাজাৰ আৰু তৃতীয় বিজয়ীয়ে লাভ কৰিব ১৫ হাজাৰ টকা। আনহাতে, লেখনী প্ৰতিযোগিতাৰ শ্ৰেষ্ঠজনে পাব ১০ হাজাৰ টকা। দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীক ৭,৫০০ টকা আৰু তৃতীয়জনে পাব ৫ হাজাৰ টকা।

১৭ আগষ্টত আহমেদাবাদ, ১৯ আগষ্টত পুণেত আৰু ২১ আগষ্টত মুম্বাইত ৰোড শ্ব’ কৰিব পৰ্যটন নিগমে। প্ৰিয়ংকা চোপ্ৰাৰ লগত থকা চুক্তি শেষ হ’ল যদিও এবছৰ ধৰি প্ৰিয়ংকা চোপ্ৰাৰ ফটো, ভিডিঅ’ ব্যৱহাৰ কৰিব নিগমে।
আৰু চাওক পৰৱৰ্তী বাতৰি