‘মন্ত্ৰীৰ পত্নী হোৱা বাবেই ফিল্মফেয়াৰত নচাৰ সুযোগ পোৱা নাই আইমীয়ে, নাচিব নজনাসকলে কৰি আছে ট্ৰ’ল’

ফিল্মফেয়াৰত অসমৰ ১৬০গৰাকী নৃত্য শিল্পীয়ে পৰিৱেশন কৰিছিল নৃত্য৷ য'ত, সত্ৰীয়াত ৪০গৰাকী, বিহুত ৪০গৰাকী, জনগোষ্ঠীয় নৃত্যত ৬০গৰাকী আৰু বৰুণ ধৱনৰ লগত ২০গৰাকীয়ে অংশ লৈছিল নৃত্যত৷
ফিল্মফেয়াৰত অসমৰ ১৬০গৰাকী নৃত্য শিল্পীয়ে পৰিৱেশন কৰিছিল নৃত্য৷ য'ত, সত্ৰীয়াত ৪০গৰাকী, বিহুত ৪০গৰাকী, জনগোষ্ঠীয় নৃত্যত ৬০গৰাকী আৰু বৰুণ ধৱনৰ লগত ২০গৰাকীয়ে অংশ লৈছিল নৃত্যত৷
- News18 Assam
- Last Updated: February 17, 2020, 6:52 PM IST
আইমী বৰুৱাক সমালোচনা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰী পীযূষ হাজৰিকাৰ পত্নী হোৱাৰ সুবাদতে ফিল্মফেয়াৰৰ দৰে অনুষ্ঠানত আইমীয়ে বিহু নৃত্যৰ সুযোগ পালে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত জয়ন্ত মল্ল বৰুৱাই ক'লে, ‘‘আইমী বৰুৱা এগৰাৰী প্ৰতিষ্ঠিত শিল্পী৷ আইমী বৰুৱাক পীযূষ হাজৰিকাৰ চিনাকীৰ প্ৰয়োজন নাই৷ পীযূষ হাজৰিকাৰে বিয়াত বহাৰ পূৰ্বৰে পৰা আইমী বৰুৱাক চিনি পাই ৰাইজে৷ নাচিব নজনাসকলে ছচিয়েল মিডিয়াত ট্ৰ’ল কৰিছে আইমী বৰুৱাক।’’
‘ৰঞ্জিত গগৈৰ তত্বাৱধানত আইমী বৰুৱাই নচা বিহুটোত চাওলুং চুকাফা, সতী সাধনী, সতী ৰাধিকা, সতী জয়মতীৰ নাম লোৱা হৈছে৷ বিতৰ্ক কৰিবলৈ সহজ৷ অসমত হয়তো এক লাখতকৈ অধিক ছোৱালীয়ে বিহু নাচিব জানে, সেই বুলি সবকেতো আৰু নচুৱাব নোৱাৰি৷’ – ক’লে জয়ন্ত মল্ল বৰুৱাই।

উল্লেখ্য যে, ফিল্মফেয়াৰত অসমৰ ১৬০গৰাকী নৃত্য শিল্পীয়ে পৰিৱেশন কৰিছিল নৃত্য৷ য'ত, সত্ৰীয়াত ৪০গৰাকী, বিহুত ৪০গৰাকী, জনগোষ্ঠীয় নৃত্যত ৬০গৰাকী আৰু বৰুণ ধৱনৰ লগত ২০গৰাকীয়ে অংশ লৈছিল নৃত্যত৷ গায়ত্ৰী মহন্তই পৰিৱেশন কৰা সত্ৰীয়া নৃত্যটোৰ কৰিঅ'গ্ৰাফ পদ্মশ্ৰী যতীন গোস্বামীৰ৷ অকল আইমী বৰুৱা আৰু গায়ত্ৰী মহন্তই যে ফিল্মফেয়াৰত অনুষ্ঠান পৰিৱেশন কৰিছিল তেনে নহয়৷ তনভী শৰ্মা, শ্যামন্তিকা শৰ্মা, সেউজীপ্ৰিয়া গোস্বামী আৰু সীতাৰাণী হাজৰিকায়ো ভাগ লৈছিল নৃত্যত৷