ৰঞ্জিত বৰুৱাৰ চাহৰ বুটিকত আন্তৰ্জাতিক চাহ দিৱসৰ দিনাই ২৪ কেৰেট সোণৰ মিশ্ৰণেৰে তৈয়াৰী ভাৰতৰ একমাত্ৰ ৰিয়েল গ’ল্ডেন টী বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিয়া হয়।
ৰঞ্জিত বৰুৱাৰ চাহৰ বুটিকত আন্তৰ্জাতিক চাহ দিৱসৰ দিনাই ২৪ কেৰেট সোণৰ মিশ্ৰণেৰে তৈয়াৰী ভাৰতৰ একমাত্ৰ ৰিয়েল গ’ল্ডেন টী বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিয়া হয়।
আন্তৰ্জাতিক চাহ দিৱসৰ দিনাই অসমৰ চাহে ৰচিলে আন এক কৃতিত্ব। প্ৰতি কিলোগ্ৰামত আঢ়ৈ লাখ টকাত বিক্ৰী অসমৰ বিশেষভাৱে নিৰ্মিত এই চাহ। এই চাহত আছে বিশুদ্ধ ২৪ কেৰেট খোৱাৰ যোগ্য সোণৰ মিশ্ৰণ।
ৰঞ্জিত বৰুৱাৰ চাহৰ বুটিকত আন্তৰ্জাতিক চাহ দিৱসৰ দিনাই ২৪ কেৰেট সোণৰ মিশ্ৰণেৰে তৈয়াৰী ভাৰতৰ একমাত্ৰ ৰিয়েল গ’ল্ডেন টী বিশ্ববাসীৰ সন্মুখত চিনাকি কৰাই দিয়া হয়। স্বৰ্ণ পানম নামেৰে এই মিশ্ৰণত আছে ২৪ কেৰেট খোৱাৰ যোগ্য সোণৰ ফ্লেক্সৰ লগতে মৌৰ পৰশ। শ্ৰেষ্ঠ চাহৰ কোমল পাতৰ পৰা হাতেৰে প্ৰস্তুত কৰা হৈছে এই বিশেষ চাহ।
‘অসমৰ চাহ বিশ্বত জনপ্ৰিয়। আমি এই উৎপাদনটোত কিছু ভেল্যু প্ৰদান কৰিছো। স্বৰ্ণ পানম মানে গ’ল্ডেন ড্ৰিংক। ইয়াত পাব মৌৰ সোৱাদৰ সৈতে গুড় আৰু ক’ক’ৰ সোৱাদ, যাৰ ফলত খোৱাৰ পিছত মিঠা অনুভৱ থাকিব।’ – এৰোমিকা টীৰ স্বত্বাধিকাৰী ৰঞ্জিত বৰুৱাই কয়।
এই চাহ ১০০ গ্ৰামৰ এক পেকত উপলব্ধ। এটা চিৰামিক বগা সোণৰ জাৰ, এটা কাঁচৰ পাত্ৰ, এটা ডাবল ৱাল গ্লাছৰ কাপ আৰু এখন ব্ৰঞ্জৰ চামুচৰ সৈতে ব্লেক বক্সত পেকিং কৰাহৈছে য’ত সোণালী ৰঙেৰে বিষয়বস্তুৰ বৰ্ণনা কৰা হৈছে। এই পেকেটৰ মূল্য ২৫,০০০ টকা।
‘আমি এক কিলোগ্ৰামৰ কথা ভবা নাই, কিন্তু সেইটো ২.৫ লাখ টকালৈকে আহিব। আমি ডুবাইত সোণৰ সৈতে খাদ্যৰ দাম অত্যধিক হোৱা দেখিছো, চাহ কিয় নহয়। ভাগ্য ভাল যে লঞ্চৰ আগতেই আমাৰ ক্ৰেতা শাৰী পাতিছিল। আমি টী কফি এছ’চিয়েশ্যন মুম্বাই আৰু জিএলএফ (ৱেলনেছ এগ্ৰিগেটৰ ফাৰ্ম)ৰ প্লেটফৰ্মত মুম্বাইত স্বৰ্ণ পানম মুকলি কৰাৰ মনস্থ কৰিছো,” বৰুৱাই লগতে কয়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|