
প্ৰায় ৬ ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত বন বিভাগে ক্ৰেণেৰে হাতীটোক উদ্ধাৰ কৰিছিল আৰু পাছত ট্ৰাকত উঠাই আঘাতপ্ৰাপ্ত হাতীটোক লৈ যোৱা হৈছিল গিবন অভয়াৰণ্যলৈ।
প্ৰায় ৬ ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত বন বিভাগে ক্ৰেণেৰে হাতীটোক উদ্ধাৰ কৰিছিল আৰু পাছত ট্ৰাকত উঠাই আঘাতপ্ৰাপ্ত হাতীটোক লৈ যোৱা হৈছিল গিবন অভয়াৰণ্যলৈ।
জীৱন-মৃত্যুৰ যুজঁত নিয়তিৰ আগত অৱশেষত হাৰ মানিলে তিতাবৰত ৰে'লৰ খুন্দাত আঘাতপ্ৰাপ্ত হাতীটোৱে। জানিব পৰা মতে, মঙলবাৰে নিশা গিবন অভয়াৰণ্যত আঘাতপ্ৰাপ্ত হাতীটোৱে কৰুণ মৃত্যুক সাৱটি লয়। উল্লেখ্য যে, বিগত দেওবাৰ অৰ্থাত্ ১০ অক্টোবৰত যোৰহাট জিলাৰ তিতাবৰৰ খৰিকটীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত দুটা হাতী নিহত হৈছিল আৰু এটা হাতী গুৰুত্বৰভাৱে আহত হৈছিল। অতিকৈ দুখৰ বিষয় যে আঘাতপ্ৰাপ্ত হাতীটোৱে ২০ ঘণ্টাৰো অধিক সময় নলাৰ পানীত পৰি চটফটাই আছিল। প্ৰায় ৬ ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত বন বিভাগে ক্ৰেণেৰে হাতীটোক উদ্ধাৰ কৰিছিল আৰু পাছত ট্ৰাকত উঠাই আঘাতপ্ৰাপ্ত হাতীটোক লৈ যোৱা হৈছিল গিবন অভয়াৰণ্যলৈ। তাত এদল বিশেষজ্ঞ চিকিত্সকে চিকিত্সা চলাই আছিল যদিও অৱশেষত মৃত্যুৰে হাৰ মানিলে হাতীটোৱে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|