হ'বলগীয়া স্বামী ৰাণা পগাগক প্ৰৱঞ্চনাৰ গোচৰত আটক কৰি সেই ৰাণা পগাগৰ লগতে প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ বাবে নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাক মাজুলী আৰক্ষীয়ে জুন মাহৰ ২ তাৰিখে মাজুলীলৈ তলব কৰে । ২ তাৰিখৰ পৰা মাজুলীৰ গড়মূৰ আৰক্ষী থানাত তিনিদিনৰ মাৰাথান জেৰাৰ অন্তত ৪ জুন তাৰিখে গড়মূৰ আৰক্ষী থানাৰ পৰাই আটক কৰে জোনমণি ৰাভাক । যোৱা ৪ জুনৰ পৰা ন্যায়িক জিম্মাত দিন কটোৱা অসম আৰক্ষীৰ নিলম্বিত এছ আই জোনমনি ৰাভাই আজি ১ মাহ ৪ দিন মাজুলী জিলা কাগাৰাগাৰত কটোৱাৰ পিছত অৱশেষত জামিন লাভ কৰে ।
ইয়াৰ পূৰ্বে নিলম্বিত এছ আই গৰাকীৰ হৈ অসমৰ বহুকেইগৰাকী অধিবক্তাই মাজুলীৰ আদালতত জামিন আৱেদন দাখিল কৰিছিল যদিও ৰাভাৰ জামিন আৱেদন চাৰিওবাৰেই নাকচ হৈছিল । যোৱা ৫ জুলাইতো মাজুলী জিলা সত্ৰ ন্যায়ধীশৰ আদালতত শেষ বাৰৰ বাবে জামিন আৱেদন নাকচ হোৱাৰ পিছত আজি নগাঁৱৰ পৰা অহা দুগৰাকী অধিবক্তাই জোনমনিৰ হৈ মাজুলী জিলা ও সত্ৰ ন্যায়ধীশৰ আদালতত জামিন আৱেদন কৰাত ন্যায়ালয়ে অসম আৰক্ষীৰ নিলম্বিত এছ আই গৰাকীৰ জামিন আৱেদন মঞ্জুৰ কৰে । এই সন্দৰ্ভত ৰাভাৰ অধিবক্তাই জোনমনিৰ ৰাভাৰ ওপৰত পোনপটীয়াকৈ কোনো গোচৰ নাছিল বুলি কোৱাৰ লগতে আদালতৰ ৰায়ক সন্মান জনায় । ইফালে মাজুলী জিলা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অহাৰ পিছত জোনমনিয়ে প্ৰথমবাৰৰ বাবে সাংবাদিকৰে মুখামুখি হৈ কয় যে- ৰাণা পগাগক মই বিশ্বাস কৰিছিলোঁ । যিটো মোৰ ভুল হ'ল আৰু তাৰেই বলি হৈ ইমান দিনে মই কাৰাগাৰত থাকিব লগা হ'ল । ইফালে তিনি ব্যৱসায়ীয়ে দিয়া গোচৰৰ সংক্ৰান্তত ৰাভাই কয় যে- ন্যায়ালয়ৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকে বিচাৰ কৰিব । মই আগতেও জানো মই নিৰ্দোষী বুলি আৰু এতিয়াও হাজাৰ বাৰ কম মই নিৰ্দোষী বুলি । উল্লেখযোগ্য যে প্ৰৱঞ্চক ভাৱী স্বামীৰে মিলি অ' এন জি চিত কাম দিয়াৰ টোপ দি লাখে লাখে টকা আত্মস্যাৎ কৰাৰ কামত জড়িত হোৱাৰ লগতে জোনমণিৰ দুটাকৈ একাউণ্টত ধনৰ লেনদেন আৰু নগদ ধন লোৱাৰ টেলিফোনিক বাৰ্তালাপ লগতে কেইবাটাও স্পষ্ট অভিযোগ দি মাজুলীৰ তিনিগৰাকী ব্যৱসায়ীয়ে এজাহাৰত এছ আই জোনমনি ৰাভা প্ৰবঞ্চনাৰ লগত জড়িত থকাৰ কথা উল্লেখ কৰিছিল ।
ব্যৱসায়ী ক্ৰমে ৰাম অৱতাৰ শৰ্মা, অজিত বৰাই যোৱা ১০ মে'ত আৰু ৰঞ্জন কুটুমে যোৱা ১৩ মে'ত গড়মূৰ থানাত ৰুজু কৰা ক্ৰমে 20/22, 21/22 U/S 120(B)/170/406/419/420/468/471/472 IPC,22/22 US 120-B/170/406/419/420 IPC ধাৰাৰ গোচৰৰ ভিত্তিত যোৱা ৪ জুনত জোনমনি ৰাভাক জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰি আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰিছিল। ইফালে জোনমনিৰ আজি জামিন লাভৰ পিছত আৰক্ষীয়ে ৰাভা পগাগ যুটীৰ প্ৰৱঞ্চনাৰ গোচৰৰ অভিযোগনামা শীঘ্ৰেই দাখিল কৰিব বুলি আদালতত জানিবলৈ দিয়ে
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|