• Home
  • »
  • News
  • »
  • assam
  • »
  • জালিয়াতিৰে চাকৰি! যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে অসম ৰঞ্জী দলৰ অধিনায়ক!

জালিয়াতিৰে চাকৰি! যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ’ব পাৰে অসম ৰঞ্জী দলৰ অধিনায়ক!

অসম ৰঞ্জী দলৰ অধিনায়কক লৈ বিতৰ্ক!

অসম ৰঞ্জী দলৰ অধিনায়কক লৈ বিতৰ্ক!

স্নাতক উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লোৱাৰ অভিযোগ গকুল শৰ্মাৰ বিৰুদ্ধে।

  • Share this:
    বিপুল বৰ্মন, ছিনিয়ৰ ৰিপ’ৰ্টাৰ:বিতৰ্কত সাঙোৰ খাই পৰিছে অসম ৰঞ্জী দলৰ অধিনায়ক গকুল শৰ্মা। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হব পাৰে অসম ৰঞ্জী ট্ৰফী দলৰ অধিনায়ক গকুল শৰ্মা। ভাৰতীয় হিচাপ পৰীক্ষা আৰু হিচাপ বিভাগৰ প্ৰধান মহাগাণনিকৰ কার্যালয়ত জালিয়াতিৰে চাকৰি লোৱাৰ অভিযোগ উঠিছে দক্ষ ক্ৰিকেটাৰগৰাকীৰ বিৰুদ্ধে। ভুৱা প্ৰমাণ পত্ৰৰে AG অফিছত ছিনিয়ৰ অদিতৰ চাকৰিত মকৰল হৈছিল গকুল শৰ্মাই। ভুৱা স্নাতক উত্তীৰ্ন হোৱা প্ৰমাণ পত্ৰৰে চাকৰি কৰা গকুল শৰ্মাৰ বিৰুদ্ধে বশিষ্ঠ থানাত গোচৰ ৰুজু কৰিলে মহাগাণনিক কাৰ্যালয়ে । ৰাজস্থানৰ পিলানীস্থিত শ্ৰীধৰ ইউনিভাৰ্চিটিৰ পৰা স্নাতক উত্তীৰ্ন বুলি দেখুৱাই 2015 ৰ পৰা চাকৰি কৰি আছিল তেওঁ। ইতিমধ্যে সংশ্লিষ্ট ইউনিভাৰ্চিটি খনে গকুল শৰ্মা তেওঁলোকৰ ছাত্ৰ নহয় বুলি প্ৰকাশ কৰাৰ লগতে প্ৰমাণ পত্ৰখন ভুৱা বুলি স্পষ্ট কৰিছে। উল্লেখযোগ্য যে আগন্তুক বিচিচিআইৰ বিজয় হাজাৰে ট্ৰফীৰ অসম দলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল গকুল শৰ্মা। গকুলে এইপৰ্য্যন্ত ৫০ খনতকৈ অধিক প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছে।
    First published: