আজি জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় চমুকৈ ASTUৰ নতুন উপাচাৰ্যক নিযুক্তি দিয়া হয়। অধ্যাপক নৰেন্দ্ৰ শিৱাজী চৌধুৰীয়ে উপাচাৰ্য হিচাপে শপত কৰে। জানিব পৰা মতে ৰাজভৱনত আয়োজিত এক শপতগ্ৰহণ অনুষ্ঠানত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে অধ্যাপক নৰেন্দ্ৰ শিৱাজী চৌধুৰীক উপাচাৰ্যৰ শপতবাক্য পাঠ কৰোৱায়।
আইআইটি বোম্বাইৰ পৰা শিক্ষাগ্ৰহণ কৰা প্ৰফেছৰ চৌধুৰী হ'ল আইআইটি ইন্দোৰৰ প্ৰাক্তন অধ্যাপক। ইয়াৰোপৰি উত্তৰাখণ্ড কাৰিকৰী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য হিচাপেও তেখেতে দায়িত্বও পালন কৰিছিল। মন কৰিবলগীয়া যে, ২০১৯ চনৰ জুন মাহত অসম বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় চমুকৈ ASTUৰ তদানীন্তন উপাচাৰ্য অধ্যাপক ধীৰাজ বৰাৰ দেহাৱসান ঘটিছিল। তেতিয়াৰে পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ প্ৰতাপজ্যোতি সন্দিকৈয়ে অতিৰিক্তভাৱে বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাচাৰ্যৰ দায়িত্ব পালন কৰি আছিল। অৱশেষত আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়খনে পূৰ্ণাংগ ৰূপত লাভ কৰিলে এগৰাকী উপাচাৰ্য। আজিৰ শপতগ্ৰহণ অনুষ্ঠানটোত ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননীগোপাল মহন্তও উপস্থিত থাকে। তেওঁলোকৰ উপৰিও আন বহুকেইজন গণ্য মান্য ব্যক্তিও আজিৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে।