• Home
  • »
  • News
  • »
  • assam
  • »
  • বহিঃৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰাৰ সময়ত ASTCৰ চালক,পৰিচালক, কৰ্মচাৰীয়ে পিন্ধিব লাগিব PPE Kit

বহিঃৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰাৰ সময়ত ASTCৰ চালক,পৰিচালক, কৰ্মচাৰীয়ে পিন্ধিব লাগিব PPE Kit

যোৱা ১৫ দিনত ৰাজ্যলৈ ঘূৰি আহিছে ১ লাখ লোক

যোৱা ১৫ দিনত ৰাজ্যলৈ ঘূৰি আহিছে ১ লাখ লোক

যোৱা ১৫ দিনত ৰাজ্যলৈ ঘূৰি আহিছে ১ লাখ লোক

  • Share this:
যোৱা ১৫ দিনত ৰাজ্যলৈ ঘূৰি আহিছে ১ লাখ লোক। ৰে’ল যোগে অসমলৈ আহিছে প্ৰায় ২৫ হাজাৰ লোক ৷ এই লোক সকলক ৰাজ্যৰ বিভিন্ন ৰেলষ্টেচনৰ পৰা নিজ নিজ গন্তব্য স্থানলৈ নিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছে অসম পৰিবহণ নিগমৰ বাছ ৷ বাছ সমূহে ৰেল চলাচল কৰা প্ৰথম দিনটোৰ পৰা বৰ্তমানলৈকে ১২ হাজাৰ বহিঃৰাজ্যৰ পৰা অসমত উপস্থিত হোৱা লোক অনা নিয়া কৰিছে।

বহিঃৰাজ্যৰ পৰা অহা লোক সকলক নিজ নিজ গন্তব্য স্থানলৈ নিয়াৰ সময়ত নিজৰ নিৰাপত্তাক লৈ শংকিত হৈছে ASTC ৰ বিষয়া কৰ্মচাৰীসকল ৷ বিশেষ ৰে’ল সেৱা আৰম্ভ হোৱাৰ পিছতে ASTC ৰ এগৰাকী কৰ্মচাৰী কোৰোণাত আক্ৰান্ত হৈ বৰ্তমান মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ লগতে কোৱাৰেণ্টাইন কৰিব লগীয়া হৈছে  অন্য ১৯ গৰাকী কৰ্মচাৰীক ৷

এই ঘটনাৰ পিছতে অসম ৰাজ্যিক পৰিবহণ নিগমে বহিঃৰাজ্যৰ পৰা অহা যাত্ৰীৰ সংস্পশলৈ অহা চালক, হেণ্ডিমেন, আৰু অন্য কৰ্মচাৰীক সুৰক্ষিত কৰিবলৈ লৈছে বিশেষ পদক্ষেপ ৷ ৰে’ল ষ্টেচন, বিমান বন্দৰ পৰা যি সকল লোকে যাত্ৰীৰ অনা নিয়া কৰিব সেই সকলে এতিয়াৰ পৰা পিন্ধিব লাগিব PPE Kit ৷ ৰাজ্যত বৰ্তমান প্ৰায় ৪৫০ খন বাছেৰে ৰে’ল ষ্টেচন সমূহৰ পৰা যাত্ৰী অনা নিয়া কৰা হৈছে। কেৱল গুৱাহাটীতে নহয় PPE Kit সমূহ ব্যৱহাৰ কৰিব লাগিব অন্য জিলাৰ কৰ্মচাৰীসকলেও ৷ যাৰ বাবে ASTC কৰ্তৃপক্ষই ৰাজ্যৰ ১০ টা ডিভিজনলৈ প্ৰেৰণ কৰিছে পিপিই কিট।

আনকি যি সমূহ বাছেৰে বহিঃৰাজ্যৰ পৰা অহা লোকক অনা নিয়া কৰিব সেই সমূহো চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে ASTC য়ে ৷ লগতে চালক, পৰিচালকক যাত্ৰী সকলৰ সংস্পৰ্শলৈ আহিব নোৱাৰাকৈ ড্ৰাইভাৰ কেবিনক প্ৰটেকটিভ কেবিন হিচাপে গঢ়ি তুলা হৈছে।
First published: