সাৰ কাৰখানাটোক প্ৰয়োজন হোৱা ১০০ কোটিও মোকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে। যাৰ ফলত বৰ্তমান সময়ত তেনেই ন্যূনতম উৎপাদনহে কৰিবলৈ সক্ষম হৈছে নামৰূপ সাৰ কাৰখানাই।
সাৰ কাৰখানাটোক প্ৰয়োজন হোৱা ১০০ কোটিও মোকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে। যাৰ ফলত বৰ্তমান সময়ত তেনেই ন্যূনতম উৎপাদনহে কৰিবলৈ সক্ষম হৈছে নামৰূপ সাৰ কাৰখানাই।
এইবাৰ শ্মশানত বিজেপি চৰকাৰৰ শৱদাহ কৰিলে আছুৱে। উল্লেখযোগ্য যে ২০০৬ চনতে তেতিয়াৰ সাৰমন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ তেতিয়াৰ সাংসদ এতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগত লৈ ঘোষণা কৰিছিল চতুৰ্থ গোট নিৰ্মাণৰ কথা। কিন্তু ইয়াৰ পিছতো কোনো এখন চৰকাৰে চতুৰ্থ গোটটো নিমাৰ্ণৰ ক্ষেত্ৰত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইফালে বিগত বৰ্ষত বৰ্তমানৰ সাৰ মন্ত্ৰী সদানন্দ গৌড়া নামৰূপত উপস্থিত হৈ তিনি মাহৰ ভিতৰত যাৱতীয় কাম–কাজ সম্পূৰ্ণ কৰি শীঘ্ৰে চতুৰ্থ গোটটো নিমাৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, কিন্তু সেয়াও সম্ভৱ হৈ নুঠিল।
আনহাতে, তৃতীয় গোটটো কোনোমতে চলি থকাৰ বিপৰীতে দ্বিতীয় গোটটোৰ এমনিয়া প্লাণ্ট বিস্ফোৰণৰ ফলত বন্ধ হৈ আছে। সাৰ কাৰখানাটোক প্ৰয়োজন হোৱা ১০০ কোটিও মোকলাই নিদিলে কেন্দ্ৰীয় চৰকাৰে। যাৰ ফলত বৰ্তমান সময়ত তেনেই ন্যূনতম উৎপাদনহে কৰিবলৈ সক্ষম হৈছে নামৰূপ সাৰ কাৰখানাই। প্ৰতিশ্ৰুতিৰ ১৪টা বছৰ অতিক্ৰম কৰাৰ পিছতো আজি লৈকে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো নিৰ্মাণ নোহোৱাত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আছুৱে।
চৰকাৰে কৰা এই বঞ্চনাৰ প্ৰতিবাদত নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপৰ ৰাজহুৱা শ্মশানত বিজেপি চৰকাৰৰ শৱদাহ কৰাৰ লগতে মুণ্ডন কাৰ্যসূচী ৰূপায়ণ কৰে। ইফালে যদিহে ২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটটো নিমাৰ্ণ নকৰে তেন্তে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আছুৱে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|