আছু কাৰ্যালয়ৰ শ্বহীদ বেদীত ক’লা ৰং : জালত তিনিজন

চিৰাঙৰ বাসুগাঁৱত আছুৰ কাৰ্যালয়ৰ সন্মুখত থকা শ্বহীদ বেদী আৰু ফলকত ক’লা ৰং সনা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে তিনিজনক। সোধা–পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে তিনিজন লোকক।

news18assam
Updated:May 14, 2019, 12:38 PM IST
আছু কাৰ্যালয়ৰ শ্বহীদ বেদীত ক’লা ৰং : জালত তিনিজন
চিৰাঙৰ বাসুগাঁৱত আছুৰ কাৰ্যালয়ৰ সন্মুখত থকা শ্বহীদ বেদী আৰু ফলকত ক’লা ৰং সনা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে তিনিজনক। সোধা–পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে তিনিজন লোকক।
news18assam
Updated: May 14, 2019, 12:38 PM IST
চিৰাঙৰ বাসুগাঁৱত আছুৰ কাৰ্যালয়ৰ সন্মুখত থকা শ্বহীদ বেদী আৰু ফলকত ক’লা ৰং সনা ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে তিনিজনক। সোধা–পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে তিনিজন লোকক। ইফালে, লোক তিনিজনক আটক কৰাৰ পিছতে প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে।

উল্লেখযোগ্য যে সোমবাৰে পুৱাৰ ভাগত বাসুগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত থকা শ্বহীদ বেদী আৰু ফলকত দুৰ্বৃত্তই ক’লা ৰং সানি থোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে। এই সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি উচুপি উঠিছিল শ্বহীদৰ পৰিয়াল৷ এন আৰ চিক লৈ দুষ্টচক্ৰই এই ঘটনা সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে৷ একাংশ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে এন আৰ চিৰ আপত্তি উঠাই লোৱাৰ বাবে আছু নেতা-কৰ্মীক অহৰহ ভাবুকি প্ৰদান কৰি আহিছিল এটা দুষ্টচক্ৰই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া।
আৰু চাওক পৰৱৰ্তী বাতৰি