প্রধানমন্ত্রী আহিলেও সন্মুখীন হ’ব আছুৰ প্রতিবাদৰ, মেজিৰ জুইত দাহ কৰা হ’ব CAA

News18 Assam | News18-Assam
Updated:December 29, 2019, 9:44 PM IST
প্রধানমন্ত্রী আহিলেও সন্মুখীন হ’ব আছুৰ প্রতিবাদৰ, মেজিৰ জুইত দাহ কৰা হ’ব CAA
আছুৱে ঘোষণা কৰিছে নতুন বছৰৰ আন্দোলনৰ কাৰ্যসূচী। ৩১ ডিচেম্বৰৰ কৰ্মচাৰী পৰিষদৰ আন্দোলনক সমৰ্থন জনাইছে আছুৱে।

আছুৱে ঘোষণা কৰিছে নতুন বছৰৰ আন্দোলনৰ কাৰ্যসূচী। ৩১ ডিচেম্বৰৰ কৰ্মচাৰী পৰিষদৰ আন্দোলনক সমৰ্থন জনাইছে আছুৱে।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত ৰাখিছে সদৌ অসম ছাত্ৰ সন্থাই। ইয়াৰ মাজতে আছুৱে ঘোষণা কৰিছে নতুন বছৰৰ আন্দোলনৰ কাৰ্যসূচী। ৩১ ডিচেম্বৰৰ কৰ্মচাৰী পৰিষদৰ আন্দোলনক সমৰ্থন জনাইছে আছুৱে। আছুৰ পৰৱৰ্তী আন্দোলনৰ কাৰ্যসূচীসমূহ এনেধৰণৰ। –

৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী : ঘৰে ঘৰে C(A)A বিৰোধী সংকল্প ল’বলৈ আছুৰ আহ্বান। পৰিয়ালৰ লোকে We Oppose C(A)A, আমি CAA নামানো বুলি একেলগে সংকল্প লোৱাৰ লগতে বিজেপিক উৎখাতৰ বাবে নিজৰ মনত আৰাধনা কৰিবলৈ আহ্বান।
১ জানুৱাৰী : ৬ ছহিদলৈ শ্রদ্ধাঞ্জলি জনাই বিশেষ কাৰ্যসূচী। পদূলিমুখত আৰু অঞ্চলে অঞ্চলে বন্তি জ্বলাই শ্রদ্ধাঞ্জলি জনাব ছহিদক।

৩ জানুৱাৰী : ৰাজ্যজুৰি আছুৰ জোঁৰ লৈ প্ৰতিবাদ (জিলা, মহকুমা আৰু সদৰ)।
৯ জানুৱাৰী : ‘আছু’ৰ উদ্যোগত ৰণশিঙা কাৰ্যসূচী, থলুৱা বাদ্যযন্ত্র বজাই প্রতিবাদ কৰিব আছুৱে।
১০ জানুৱাৰীত : খেলো ইণ্ডিয়াৰ মাজতো প্রতিবাদ চলি থাকিব, প্রধানমন্ত্রী আহিলেও ‘আছু’ৰ প্রতিবাদৰ সন্মুখীন হ’ব।
১১ জানুৱাৰী : আঞ্চলিকসমূহত জোঁৰ লৈ প্রতিবাদ।

১৩-১৪ জানুৱাৰী : উৰুকা, বিহুৰ মেজিৰ জুইত দাহ হ’ব C(A)A।

শিল্পী দিৱস পালনৰ মাজতো অব্যাহত থাকিব প্রতিবাদ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

Published by: Sanjay Kumar Das
First published: December 29, 2019, 9:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading