চৰাইদেউ জিলাত ক'ভিডৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে। সোণাৰি আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক তথা চৰাইদেউ ন্যায়িক দণ্ডাধীশৰ আদালতত কৰ্মৰত মনোৰঞ্জন ফুকন (৫০) নামৰ এগৰাকী লোকৰ ক'ভিড১৯ত আক্ৰান্ত হৈ কালি নিশা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু হয়।
যোৱা ১৪ জুলাইত আৰক্ষী বিষয়াগৰাকী ক'ভিডত আক্ৰান্ত হোৱাত পৰিয়ালৰ লোকে তেওঁক চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উক্ত দিনাই ডিব্ৰুগড়ৰ অসম চিকিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয়। তাত চিকিৎসকে তেওঁ ক'ভিডত আক্রান্ত হােৱা বাবে আছুতীয়া কক্ষত ভর্তি কৰায়।
কিন্তু কালি নিশা প্রায় ৮ বজাত চিকিৎসকে চিকিৎসাধীন অৱস্থাতে আৰক্ষী বিষয়াগৰাকীৰ মৃত্যু হােৱা বুলি পৰিয়ালক জানিবলৈ দিয়ে। পত্নী আৰু এটি সন্তানক এই সংসাৰত এৰি থৈ যোৱা আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত সমগ্র চৰাইদেউ (Charaideo) জিলাত শোকৰ ছাঁ পৰিছে।
আনহাতে চৰাইদেউ জিলাত ক'ভিডৰ চতুৰ্থ লহৰত ২৪ জন লোক আক্ৰান্ত হোৱাৰ কথা স্পষ্ট কৰিছে চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|