অহা ২১ মে'ৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন। নতুন মন্ত্ৰীসভাই ইতিমধ্যে শপত গ্ৰহণ কৰিলে৷ পিছে ১৫সংখ্যক অসম বিধানসভাৰ বিৰোধী দলপতি পদত কোন অধিষ্ঠিত হ'ব ? সেই লৈ বিৰোধী দল কংগ্ৰেছৰ ভিতৰচ'ৰাত চৰ্চা চলি থকাৰ সময়তে তিনিজন জ্যেষ্ঠ নেতাৰ নাম উচ্চাৰিত হৈছে ৷ পিছে চূড়ান্ত সিদ্ধান্ত ল'ব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভানেত্ৰী ছোনিয়া গান্ধীয়েহে ৷
৫টা গেৰাণ্টি দি ১৫ সংখ্যক অসম বিধানসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ ৷ লগত মিত্ৰদল আছিল AIUDF, আঞ্চলিক গণ মৰ্চা, CPI(M), CPI(ML) আৰু BPF ৷ কিন্তু ৰাইজে দিছপুৰৰ মছনদত কংগ্ৰেছ নেতৃতাধীন মহাজোঁটক বহিবলৈ সুযোগ নিদিলে ৷ বিপৰীতে BJP নেতৃত্বাধীন মিত্ৰজোঁটক দিলে সেই সুযোগ ৷ দিছপুৰত বহিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ ৷ দিছপুৰত বহিবলৈ সমৰ্থ নোহোৱা কংগ্ৰেছ এতিয়া বিৰোধী আসনত ৷ পিছে কোন হ'ব বিৰোধী দলপতি? আমাৰ হাতত পৰা খবৰ মতে বিৰোধী দলপতিৰ আসনৰ দৌৰত আছে দেৱব্ৰত শইকীয়া, ভৰত নৰহ আৰু ৰকিবুল হুছেইন ৷
এই সংক্ৰান্তত বিগত ৩ মে'ত কংগ্ৰেছৰ বিধায়ক, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই, জিতেন্দ্ৰ সিঙৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হৈ যায় ৷ বৈঠকৰ পিছত বিৰোধী দলপতি নিযুক্তি দিবলৈ ছোনিয়া গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিল ৷
বিগত চৰকাৰৰ দিনত বিৰোধী দলপতি হিচাপে থকা দেৱব্ৰত শইকীয়াই সদৰী কৰা মতে আজি-কাইলৈৰ ভিতৰত বিৰোধী দলপতি নিযুক্তি দিব কংগ্ৰেছ হাইকামাণ্ডে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|