অসম বিধানসভা স্বাস্থ্য সেৱা কেন্দ্ৰ আৰু ফাৰ্মাচী শুকুৰবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভা স্বাস্থ্য সেৱা কেন্দ্ৰ আৰু ফাৰ্মাচী মুকলি অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু উপাধক্ষ্য ডাঃ নোমল মমিন উপস্থিত আছিল।
দিছপুৰৰ বিধায়কৰ চৰকাৰী আৱাসগৃহ প্ৰকল্পত ৰাজ্য চৰকাৰে স্থাপন কৰিছে এই অসম বিধানসভা স্বাস্থ্য সেৱা কেন্দ্ৰ আৰু ফাৰ্মাচী। এই ফাৰ্মাচী আৰু স্বাস্থ্য সেৱা কেন্দ্ৰৰ জৰিয়তে সকলো মন্ত্ৰী–বিধায়ক, প্ৰাক্তন বিধায়ক আৰু বিধানসভা সচিবালয়ৰ কৰ্মচাৰী উপকৃত হ'ব বুলি কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
শুকুৰবাৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অসম বিধানসভা স্বাস্থ্য সেৱা কেন্দ্ৰ আৰু ফাৰ্মাচীত চিকিৎসা ল'ব পৰাকৈ মন্ত্ৰী-বিধায়কসকলক হেলথ কাৰ্ড প্ৰদান কৰে। অনুষ্ঠানটোত মন্ত্ৰী ইউ জি ব্ৰহ্ম, পীয়ূষ হাজৰিকাৰ লগতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু শাসক–বিৰোধী বহুকেইগৰাকী বিধায়ক উপস্থিত আছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|