অসমৰ অভিনয় জগতৰ নতুন শিক্ষানুষ্ঠান "এক্টিং পাঠশালা"। কম সময়তৰ ভিতৰতে ক্ৰমাৎ জনপ্ৰিয়তা অৰ্জন কৰা "এক্টিং পাঠশালা"ই দেওবাৰে গুৱাহাটীত বর্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত কৰে। মহানগৰীৰ গুৱাহাটী টাউন ক্লাবৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰথম বর্ষপূৰ্তি অনুষ্ঠানতে এখন চুটি নাটক দেখুৱাৰ লগতে পাঠশালাখনৰ সমূহ শিক্ষাৰ্থীক প্ৰমাণ পত্ৰ বিতৰণ কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰাষ্ট্ৰীয় বঁটা প্ৰাপক মঞ্জু বৰা, শিল্পী ৰঞ্জুমণি শৰ্মা, বিশিষ্ট সাংবাদিক জিতুমণি বৰা আৰু এক্টিং পাঠশালাৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰজী বৰাৰ লগতে আন কেইবাজনো অতিথি।
সাংস্কৃতিক জগতৰ শিক্ষানুষ্ঠানখনে অদূৰ ভৱিষ্যতে আৰু আগবাঢ়ি যাবলৈ বহুত নতুন নতুন পৰিকল্পনা হাতত লৈছে। দেওবাৰৰ কাৰ্যসূচীত কণমানি ৰ'দালি বৰাই সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে।
"এক্টিং পাঠশালা"ৰ এটা বছৰৰ দক্ষতা আৰু সুন্দৰ কাম-কাজক সকলোৱে ভূয়সী প্ৰশংসা কৰে আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰে। বিশেষকৈ শিক্ষাৰ্থীসকলে অভিনয় কৰা নাটকখনো খুব সুন্দৰকৈ উপস্থাপন কৰে "এক্টিং পাঠশালা" কৰ্তৃপক্ষই।
Published by: Gautam Barman
FIRST PUBLISHED : May 16, 2022, 02:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।