অসমৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে উদ্যোগীকৰণৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে প্ৰতিভাৱান লোকসকলক উৎসাহিত কৰি তেওঁলোকক নিজাকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ প্ৰেৰণা যোগাইছে। ইয়াৰ ভিতৰত অসমৰ মুনজিৰ আলমে দেশৰ শীৰ্ষ ১৫ জন স্ব- নিৰ্মিত উদ্যোগীৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।
মুনজিৰ আলম, অসমৰ এজন উদ্যোগী যি বৰ্তমান শিক্ষা খণ্ডত কৰ্মৰত। অসমৰ এখন সৰু চহৰত জন্ম লাভ কৰি জীৱন আৰম্ভ কৰা মুনজিৰে আইবিএছ মুম্বাইৰ পৰা শিক্ষা সম্পূৰ্ণ কৰিছিল। মুম্বাই, ছিংগাপুৰ আৰু ডুবাইত মাৰ্কেটিং মেনেজাৰ হিচাপে ৩ বছৰ কাম কৰাৰ পিছত তেওঁ কলেজীয়া বন্ধু বলৰাজ সান্ধুৰ সৈতে মুম্বাইত হুকড মিডিয়া নামৰ নিজৰ ভিডিঅ' মাৰ্কেটিং এজেঞ্চী আৰম্ভ কৰে। হুকড মিডিয়াৰ জৰিয়তে তেওঁলোকে মিছ ইণ্ডিয়া, টাইমছ অফ ইণ্ডিয়া, দিয়াজিঅ', চোপাৰ্ডৰ আদিৰ দৰে ভালেসংখ্যক ডাঙৰ তথা পৰিচিত ব্ৰেণ্ডৰ সৈতে কাম কৰিছে।
লকডাউনৰ সময়ত যেতিয়া তেওঁ গৃহ চহৰলৈ আহিছিল, তেতিয়া তেওঁ নামনি অসমত এখন উচ্চ মানসম্পন্ন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ লগতে NEET & JEE প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। অনতিপলমে পিতৃ ড° ছামছুল আলমৰ সৈতে এই সন্দৰ্ভত কাম কৰা আৰম্ভ কৰে আৰু ২ বছৰৰ ভিতৰতে তেওঁ বৰপেটাৰ হাউলীত "হাউলী নেচনেল চাইন্স একাডেমী" নামেৰে অসমৰ এখন অন্যতম সম্পূৰ্ণ আৱাসিক বিদ্যালয় নিৰ্মাণ কৰে। তেওঁৰ এই একাডেমীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ২৫০ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি থকাৰ লগতে একাডেমীখন ইতিমধ্যেই অসমৰ দ্ৰুততম বিকাশশীল বিদ্যালয় হিচাপে পৰিগণিত হৈছে।
মুনজিৰে কয় যে দল আৰু বিদ্যালয় নিৰ্মাণ কৰাৰ সময়ত মোৰ একমাত্ৰ লক্ষ্য আছিল এনে এখন বিদ্যালয় গঢ়ি তোলা যিখন বিদ্যালয়ত বিজ্ঞানৰ ছাত্ৰ হোৱা হ'লে মই পঢ়িবলৈ ভাল পালোঁহেঁতেন। ব্ৰেণ্ড মাৰ্কেটিঙৰ ওপৰত থকা তেওঁৰ অগাধ জ্ঞান ব্যৱহাৰ কৰি আৰু মানসম্পন্ন সেৱাত মনোনিৱেশ কৰি তেওঁ এনে এখন বিদ্যালয় গঢ়ি তুলিবলৈ সক্ষম হৈছে যিখন বিদ্যালয় নিৰ্মাণ হৈ উঠিবলৈ সাধাৰণতে বহু বছৰৰ প্ৰয়োজন হ'ল হেঁতেন।
বৰ্তমান মুনজিৰে নিম্ন অসমত শিক্ষা প্ৰতিষ্ঠানটো আৰু মুম্বাইত মাৰ্কেটিং এজেন্সী চলোৱাৰ লগতে আন বিদ্যালয়ৰ স্বত্বাধিকাৰী, এডটেক প্ৰতিষ্ঠাপক বা উদীয়মান উদ্যোগীসকলক ব্ৰেণ্ড মাৰ্কেটিঙৰ জৰিয়তে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰাৰ ক্ষেত্ৰত পৰামৰ্শ প্ৰদান কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।