মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam's Local Bheem : অসমৰ লোকেল ভীম, দুহাতেৰে ডাঙি দিয়ে পালছাৰ-স্প্লেণ্ডাৰ বাইক, এবাৰত খোৱা খাদ্য দেখিলে তবধ মানিব আপুনি!

Assam's Local Bheem : অসমৰ লোকেল ভীম, দুহাতেৰে ডাঙি দিয়ে পালছাৰ-স্প্লেণ্ডাৰ বাইক, এবাৰত খোৱা খাদ্য দেখিলে তবধ মানিব আপুনি!

জিতেন দলেৰ শাৰীৰিক শক্তি ইমান যে এখন প্ৰায় আশী কিলো ওজনৰ মটৰচাইকেল পুতলা বাইকৰ দৰে ডাঙি কান্ধত লৈ ফুৰিব পাৰে।

জিতেন দলেৰ শাৰীৰিক শক্তি ইমান যে এখন প্ৰায় আশী কিলো ওজনৰ মটৰচাইকেল পুতলা বাইকৰ দৰে ডাঙি কান্ধত লৈ ফুৰিব পাৰে।

জিতেন দলেৰ শাৰীৰিক শক্তি ইমান যে এখন প্ৰায় আশী কিলো ওজনৰ মটৰচাইকেল পুতলা বাইকৰ দৰে ডাঙি কান্ধত লৈ ফুৰিব পাৰে।

  • Share this:
এজন ব্যক্তিয়ে মাত্ৰ দুই মিনিট সোতৰ ছেকেণ্ডত খাই শেষ কৰিব পাৰে আঢ়ৈ কিলো চাউলৰ ভাত, মাছ আৰু মাংস দুই কিলোতকৈ অধিক, কণী ত্ৰিশটা, কেচা জলকীয়া প্ৰায় দুশ গ্ৰাম লগতে দাইল বা মাংসৰ জোল, পিয়াঁজ, নেমু ইত্যাদি আছেই ৷ ব্যক্তি জনৰ নাম জিতেন দলে ওৰফে  "আল্লাই" ৷ ধেমাজী জিলাৰ জোনাইৰ বান্দানাৰ নাহৰ গেৰেজা গাঁৱত ঘৰ জিতেন দলেৰ ৷ জিতেনৰ খাদ্যৰ পৰিমাণে শৰীৰৰ আকাৰ, ওখ ছয় ফুট আঠ ইঞ্চি, ওজন - এক কুইণ্টল পচপন্ন কেজি ৷

জিতেন দলেৰ শাৰীৰিক শক্তি ইমান যে এখন প্ৰায় আশী কিলো ওজনৰ মটৰচাইকেল পুতলা বাইকৰ দৰে ডাঙি কান্ধত লৈ ফুৰিব পাৰে। গাৱঁত কাৰোবাৰ গাড়ী ফচিলে, ভোলোকা বাঁহ টানিব লগা হ'লে অৰ্থাৎ দুই তিনিজনে একেলগে কৰিব নোৱাৰা কাম সমাধা কৰিবলৈ জিতেনকে বিচাৰে ৰাইজে ৷



নিতৌ শ্ৰম কৰি পত্নী, এগৰাকী কন্যা আৰু এটা ল'ৰা সন্তানৰ সৈতে নিচেই সাধাৰণ জীৱন যাপন কৰে জিতেন দলেই ৷ কিয় বুজন পৰিমানৰ খাদ্য খায় জীতেন দলেই?এই প্ৰশ্নৰ উত্তৰত জিতেনে কলে -"বৰ ভোক লাগে, আৰু ভোক লাগিলেই ৰ'ব নোৱাৰোঁ, যিহেতু আমি গধুৰ কাম কৰা মানুহ ৷" বৰ্তমান জিতেনৰ বয়স ৪৯ বছৰ, শৈশৱৰ পৰাই গাঁৱৰ অন্যান্য সকলতকৈ শাৰীৰিক শক্তি বেছি আছিল , আৰু সেই অনুপাতে খাদ্যও খাইছিল অন্যান্য সকলতকৈ অধিক ৷

গাঁৱৰ ৰাইজৰ বিশ্বাস উপযুক্ত পৰিবেশ আৰু প্ৰশিক্ষণ লাভ কৰা হ'লে হয়তো জিতেন দলেও এদিন মল্ল যুজাৰু গ্ৰেট খালীৰ দৰে বিশ্বৰ চিনাকি লোক হ'লহেতেন ৷

শেহতীয়া বাতৰি