মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam's Kaji Lemon Viral in London : ভাল খবৰ! লণ্ডনৰ বজাৰত অসমৰ কাজি নেমু, টুইটাৰত তুমুল চৰ্চা, ফটো ভাইৰেল।

Assam's Kaji Lemon Viral in London : ভাল খবৰ! লণ্ডনৰ বজাৰত অসমৰ কাজি নেমু, টুইটাৰত তুমুল চৰ্চা, ফটো ভাইৰেল।

প্ৰায় ১২০০কিলোগ্ৰাম কাজি নেমু গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লণ্ডনলৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ৰপ্তানি কৰা হৈছে।

প্ৰায় ১২০০কিলোগ্ৰাম কাজি নেমু গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লণ্ডনলৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ৰপ্তানি কৰা হৈছে।

প্ৰায় ১২০০কিলোগ্ৰাম কাজি নেমু গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লণ্ডনলৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ৰপ্তানি কৰা হৈছে।

  • Share this:
অসমীয়া খাদ্য সম্ভাৰত এক বিশেষ স্থান আছে কাজি নেমুৰ । কেৱল অসমতে উৎপন্ন হোৱা কাজি নেমু এতিয়া সহজ লভ্য ইংলেণ্ডৰ ৰাজধানী চহৰ লণ্ডনত । টুইটাৰত ইতিমধ্যে এই সন্দৰ্ভত চলিছে ব্যাপক চৰ্চা; লণ্ডন বজাৰত স্থান লাভ কৰা অসমৰ নেমুৰ ফটো ভাইৰেল হৈছে ।

জানিব পৰা মতে যোৱা মাহত প্ৰায় ১২০০কিলোগ্ৰাম কাজি নেমু গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা লণ্ডনলৈ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি ৰপ্তানি কৰা হৈছিল । এতিয়া সেই নেমুবোৰ লণ্ডনৰ বিভিন্ন ছুপাৰ মাৰ্কেট পাইছেগৈ । ইংলেণ্ডৰ East Midlands অঞ্চলৰ Northamptonৰ Al-Hamra ছুপাৰ মাৰ্কেটত অসমৰ নেমুৱে চাহিদা লাভ কৰিছে বুলি বেপাৰী সকলে জানিবলৈ দিছে ।

উল্লেখযোগ্য যে, এই নেমু সমূহ সংগ্ৰহ কৰা হৈছিল চিৰাং জিলাৰ পানবাৰী বড’ফা FPCৰ পৰা । অসম চৰকাৰৰ প্রকল্প Assam Agribusiness and Rural Projectৰ অধীনত নেমু সমূহ ৰপ্তানি কৰা হৈছিল । ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰণালয়ৰ প্ৰতিষ্ঠান Agricultural and Processed Food Products Export Development Authority চমুকৈ APEDAই টুইটাৰত অসমৰ কাজি নেমু লণ্ডনলৈ প্ৰেৰণ কৰাৰ কথা ২জুন তাৰিখে ঘোষণা কৰিছিল । ২০২০চনৰ ৪ ডিচেম্বৰ আৰু ২০২১চনৰ ২৮ জানুৱাৰীতো ৬মেট্ৰিক টন নেমু ইউৰোপ মহাদেশৰ বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰা হৈছিল । এই নেমুসমূহ মূলতঃ তিনিচুকীয়াৰ গ্রামঞ্চলৰ বাগানৰ পৰা সংগ্ৰহ কৰা হৈছিল । পূৰ্বেও অসমৰ পৰা ৰঙালাও, লেতেকু, আনাৰস আদি ডুবাইলৈ পঠিওৱা হৈছে ।

কাজি নেমুত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি থাকে যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায়ক হয় । অসমীয়া মানুহে ভাতৰ লগত নেমুৰ জুতি লোৱাৰ লগতে নেমু পানীয়, আচাৰ আদি প্ৰস্তুত কৰোঁতেও ব্যৱহাৰ হয় । ২০১৯চনত কাজি নেমুৱে ভৌগোলিক পৰিসীমা অসম বুলি GI tag লাভ কৰিছে ।

শেহতীয়া বাতৰি