আলফা (স্বা) (ULFA(I)লৈ এতিয়া যিবোৰ যুৱক-যুৱতী গৈ আছে তেওঁলোকক কাপুৰুষ (Coward) আখ্যা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই। যি সময়ত আলফালৈ অসমীয়া যুৱক-যুৱতীৰ গমনৰ বাতৰিয়ে দৈনিক শিৰোনাম দখল কৰি আছে সেই সময়তে আজি ৰাজধানী দিল্লীত আলফালৈ যোৱা যুৱক-যুৱতীসকলক কাপুৰুষ আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে কয়, "আলফালৈ এতিয়া কিছু যুৱক-যুৱতী গৈ আছে। তেওঁলোক আচলতে কাপুৰুষ। পৰিয়াল চলাব নোৱাৰি অলফালৈ যায় তেওঁলোকে।" মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় "বহু যুৱক গৈছে যদিও উভতি আহিছে। আগত অলফালৈ যোৱা আৰু এতিয়া যোৱাৰ মাজত বৃহৎ পাৰ্থক্য আছে।"
উল্লেখ্য যে শেহতীয়াকৈ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ আদিকে ধৰি অসমৰ বিভিন্ন জিলাৰ পৰা একাংশ যুৱক-যুৱতী আলফালৈ যোৱাৰ বাতৰি আহিছে। আনকি মহানগৰ গুৱাহাটীৰ পৰাও যুৱক-যুৱতী আলফা(স্বা)লৈ যোৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰ মাজতে আলফা(স্বা)এ দুজন যুৱকক আৰক্ষীৰ গুপ্তচৰ বুলি মৃত্যুদণ্ড দিয়া বাতৰিয়েও ৰাজ্য তোলপাৰ লগাই আছে। এনে সময়তে মুখ্যমন্ত্ৰীৰ এই বিশেষ মন্তব্য যথেষ্ট গুৰুত্ব বহন কৰিছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|