দুমাহ পূৰ্বে পলাই গৈ আবদ্ধ হৈছিল বিবাহপাশত, দিল্লীত স্বামী পৰিয়ালে হত্যা কৰিলে এগৰাকী অসমীয়া বোৱাৰীক!

পিতৃ পৰিয়ালৰ অভিযোগ অনুসৰি, অজন্তা লহকৰৰ দেহত দেখা দিয়া কেইবাটাও আঘাতৰ চিনে স্পষ্ট কৰিছে যে তাইক স্বামী পৰিয়ালে নিৰ্মমভাৱে মাৰপিট কৰি হত্যা কৰিছে।
পিতৃ পৰিয়ালৰ অভিযোগ অনুসৰি, অজন্তা লহকৰৰ দেহত দেখা দিয়া কেইবাটাও আঘাতৰ চিনে স্পষ্ট কৰিছে যে তাইক স্বামী পৰিয়ালে নিৰ্মমভাৱে মাৰপিট কৰি হত্যা কৰিছে।
- News18 Assam
- Last Updated: October 8, 2020, 3:50 PM IST
ঘটনাৰ বিৱৰণী মতে, যোৱা ২৪ জুলাই তাৰিখে পৰিয়ালৰ মতৰ বিৰুদ্ধে গৈ অজন্তা লহকৰে পূৰ্বে ডুমডুমাত বসবাস কৰা শ্ৰীৰেশ ধৰৰ পুত্ৰ অভিজিত ধৰৰ সৈতে পলাই বিবাহ পাশত আবদ্ধ হৈ দিল্লীৰ চফদৰজঙত স্বামী পৰিয়ালৰ সৈতে থাকিবলৈ লয়। কিন্তু যোৱা ৫ অক্টোবৰত অজন্তা লহকৰে স্বামীগৃহত চিপ লৈ আত্মহত্যা কৰা বুলি স্বামী পৰিয়ালে ফোনযোগে পিতৃগৃহক জানিবলৈ দিয়ে।
এই সন্দৰ্ভত পিতৃ কমল লহকৰে ডুমডুমা থানাত হত্যাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। যাৰ ফলশ্ৰুতিত দিল্লী আৰক্ষীয়ে স্বামী অভিজিত ধৰ আৰু শাহু কল্পনা ধৰক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰে। আজি মৃত অজন্তা লহকৰৰ মৃহদেহ ডুমডুমাৰ পিতৃগৃহলৈ আহি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চটোত শোকাকুল পৰিৱেশে বিৰাজ কৰে।