এখন অসমীয়া বিয়া। হোমৰ গুৰিত আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে দৰা কইনাই ইজনে আনজনক পিন্ধাইছে মালা। প্ৰথমে কইনাই দৰাক মালা পিন্ধাই পৰম্পৰা অনুসৰি ভৰি চুই সেৱা কৰিলে। ইমানলৈকে সকলো থিকেই আছিল, কিন্তু দৰাইয়ো কইনাক মালা পিন্ধাওতে কইনাক ভৰি চুই সেৱা কৰে। দৰাই ভৰি চোৱা দেখি কইনাও আচৰিত হৈ পৰে। ওচৰতে থকা দৰাঘৰীয়া আৰু কইনাঘৰীয়া সকলোৰে মাজত হাঁহিৰ ৰোল উঠে। দৃশ্যটো এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। বহুতে দৰাৰ একে কাৰ্যক প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : December 08, 2019, 16:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।