কোভিডকালীন পৰিৱেশৰ দুটা বছৰৰ পিছত বিহু মঞ্চত উঠিবলৈ পূৰ্ণোদ্যমে সাজু হৈছে ৰাজ্যৰ শিল্পীসকল। ঠায়ে ঠায়ে চলিছে শিল্পী সকলৰ আখৰা।
কোভিডকালীন পৰিৱেশৰ দুটা বছৰৰ পিছত বিহু মঞ্চত উঠিবলৈ পূৰ্ণোদ্যমে সাজু হৈছে ৰাজ্যৰ শিল্পীসকল। ঠায়ে ঠায়ে চলিছে শিল্পী সকলৰ আখৰা।
কোভিডকালীন পৰিৱেশৰ দুটা বছৰৰ পিছত বিহু মঞ্চত উঠিবলৈ পূৰ্ণোদ্যমে সাজু হৈছে ৰাজ্যৰ শিল্পীসকল। ঠায়ে ঠায়ে চলিছে শিল্পী সকলৰ আখৰা। এইবাৰ কম সংখ্যক বিহু মঞ্চত গীত পৰিবেশন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে জুবিন গাৰ্গে। মুম্বাইত নানা প্ৰজেক্টত ব্যস্ত আছে পাপন। পিছে দুবছৰে বিহু মঞ্চৰ পৰা আতৰি থকা শিল্পীসকল অধীৰ হৈ আছে মঞ্চত উঠিবলৈ। সেই অনুসাৰে শিল্পীসকলেও নিৰ্ধাৰণ কৰিছে মাননীৰ পৰিমাণ।
যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গৰ মাননি এইবাৰ ৮ পৰা ১০ লাখ টকা বুলি জানিব পৰা গৈছে। একেদৰে জুবিনৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মাননিৰ পৰিমাণো ৮ৰ পৰা ১০ লাখ টকা বুলি জানিব পৰা গৈছে।
আন আন শিল্পীসকলৰ ভিতৰত নীল আকাশৰ মাননিৰ পৰিমাণ হৈছে ৪ লাখ ৫০ হাজাৰ টকা। গুৱাহাটীৰ ভিতৰত আচুৰ্য বৰপাত্ৰ গোহাঁইয়ে মাননি পৰিমাণ নিৰ্ধাৰণ কৰিছে ৩ লাখ ৫০ হাজাৰ টকা। গুৱাহাটীৰ বাহিৰে অসমৰ যিকোনো জিলাত শিল্পীজনৰ ৰেট ৪ পৰা ৪ লাখ ৫০ হাজাৰ টকা।
ঠিক একেদৰে ডিস্ক ভণ্টী খ্যাত কুসুম কৈলাশৰ মাননিৰ পৰিমাণ হৈছে ৩ৰ পৰা ৪ লাখ টকা। বিপিন চাউদাঙে মাননিৰ পৰিমাণ নিৰ্ধাৰণ কৰিছে ২ ৰ পৰা ২ লাখ ৫০ হাজাৰ টকা।গুৱাহাটীৰ লগতে মধ্য অসমত ভৃগু কাশ্যাপৰ মাননিৰ পৰিমাণ হৈছে ৩ লাখ ৫০ হাজাৰ টকা। গুৱাহাটীৰ বাহিৰত মাননি হব ৪ লাখ ৫০ হাজাৰ টকা।
একেদৰে মণ্টুমণিৰ মাননি নিৰ্ধাৰণ কৰা হৈছে ২ৰ পৰা ২ লাখ ৫০ হাজাৰ টকা। যুৱ প্ৰজন্মৰ মাজত মাজত খুবেই সমাদৰ লাভ কৰা শকুৰাজ কোঁৱৰৰ মাননিৰ পৰিমাণ হৈছে তিনি লাখৰ অধিক।
প্ৰথমবাৰলৈ বিহু মঞ্চত অভিষেক ঘটাবলৈ সাজু হোৱা সান্নিধ্য ভূঞাই মাননিৰ পৰিমাণ ৰাখিছে ১ ৰ পৰা ডেৰ লাখ টকা। ঠিক একেদৰে ৰিদিপ ৰংকিটে ২ পৰা ২ লাখ ৩০ হাজাৰ টকা আৰু ৰাকেশ ৰিয়ান ২.৩০ লাখ টকাৰ পৰা মাননিৰ পৰিমাণ তিনি লাখ টকা ধাৰ্য কৰিছে।
ইপিনে মহিলা শিল্পীৰভিতৰত দীপলিনা ডেকাই মঞ্চত মাননি পৰিমাণ নিৰ্ধাৰণ কৰিছে ৩ লাখ টকা। কিন্ত গুৱাহাটীৰ বাহিৰত গীত পৰিবেশন কৰিলে মাননিৰ পৰিমাণ হব ৩ লাখ ৫০ হাজাৰ টকা। একেদৰেই গিতাঞ্জলী দাসৰ ২.৫০ লাখৰ পৰা তিনি লাখ টকা। প্ৰিয়ংকা ভৰালীৰ দুই লাখ টকা। গিতালী দেৱীৰো মাননি হৈছে দুই লাখ টকা। হাৰিকেন গালৰ্ছৰ মাননিৰ পৰিমাণ ১ লাখ ৬০ হাজাৰৰ পৰা ২ লাখ ৩০ হাজাৰ টকা।
এওঁলোকৰ লগতে বিহু মঞ্চৰ বাবে সাজু হৈছে টিম বিদূৰভাই আৰু বেহাৰবাৰী আউট পোষ্টৰ কে কে আৰু মোহন।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|