ইংলেণ্ডৰ বাৰ্মিংহামত চলি থকা কমনৱেলথ গেমছ ২০২২ত মাজুলীৰ সংগীত শিল্পী নীলোৎপল বৰা গীত। নিজৰ প্ৰতিভাৰ জোৰত বলীউডতো প্ৰৱেশ কৰা বৰাৰ ‘চাবাছ’ (Shaabaash) শীৰ্ষক গীতটো কমনৱেলথ গেমছ ২০২২ত ভাৰতীয় ক্ৰীড়াবিদসকলৰ এন্থেম ৰূপে বজোৱা হৈছে।
নেটফ্লিক্সৰ চলচ্চিত্ৰ ''যাদুগৰ''ত এই গীতটো সন্নিৱিষ্ট আছিল আৰু বৰা আছিল এই চলচ্চিত্ৰখনৰ মিউজিক কম্পোজাৰ।
নীলোৎপল বৰাই (Nilotpal Bora) এই বিষয়ে ফেচবুকৰ জৰিয়তে জানিবলৈ দিয়ে। তেওঁ ফেচবুক পোষ্টত লিখিছে– ''মই আনন্দৰ বাহিৰত। এইটো সঁচাকৈয়ে যিকোনো শিল্পীৰ বাবে এটা ডাঙৰ কথা। আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ যে আমাৰ গানটোৱে এই স্থান চুবগৈ।'' বৰাই গানটো ৰাইজলৈ তেওঁলোকৰ সমৰ্থন আৰু উৎসাহৰ বাবে উৎসৰ্গা কৰা বুলি প্ৰকাশ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|