তুলসীৰ তলে তলে মৃগ পহু চৰে... আজি কাতি বিহু, ব্যস্ত প্ৰতিজন অসমীয়া

কৃষকৰ সপোনৰ খেতিডৰা এতিয়া গেঁৰ ধৰিছে৷ এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু বা কঙালী বিহু।

News18-Assam
Updated:October 18, 2019, 8:52 AM IST
তুলসীৰ তলে তলে মৃগ পহু চৰে... আজি কাতি বিহু, ব্যস্ত প্ৰতিজন অসমীয়া
কৃষকৰ সপোনৰ খেতিডৰা এতিয়া গেঁৰ ধৰিছে৷ এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু বা কঙালী বিহু।
News18-Assam
Updated: October 18, 2019, 8:52 AM IST
আজি কাতি বিহু। তিনিটা বিহুৰ এক অন্যতম বিহু কাতি বিহু অথবা কঙালী বিহু উপলক্ষে ব্যস্ত প্ৰতিজন অসমীয়া। চোতালৰ তুলসীজোপাৰ তলত চাকি জ্বলাই ঐশ্বৰ্য, সমৃদ্ধিৰ দেৱী লক্ষ্মীক প্ৰাৰ্থনা জনাব অসমবাসীয়ে। শস্য শ্যামলা পথাৰখন লখিমীৰে ওপচি পৰাৰ কামনাৰে ধাননি পথাৰত চাকি জ্বলোৱাৰ লগতে সমাজৰ পৰা অসূয়া–অশান্তি দূৰ হোৱাৰ কামনাৰে জ্বলোৱা হ’ব আকাশবন্তি।

কাতি মাহত কৃষকৰ পথাৰখন প্ৰাণৱন্ত হৈ পৰে। সেউজীয়া হৈ পৰে কৃষকৰ সপোনবোৰ। কৃষকৰ সপোনৰ খেতিডৰা এতিয়া গেঁৰ ধৰিছে৷ এই সময়ছোৱাত পোক-পতংগৰ পৰা খেতিডৰা ৰক্ষা কৰাৰ মুখ্য উদ্দেশ্য আগত ৰাখিয়েই অতীজৰে পৰা পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে কাতি বিহু বা কঙালী বিহু। তদুপৰি গো–লক্ষ্মীক উদ্দেশ্যি গোহালি ঘৰ, লক্ষ্মী বাস কৰা ভঁৰাল ঘৰ, তামোল–নাৰিকলৰ আদিৰ তলতো অসমীয়াই জ্বলাব ভক্তিৰ চাকিগছি।

গোটেই কাতি মাহটো অসমীয়াই এটা পবিত্ৰ মাহ হিচাপে গণ্য কৰে। কাতি বিহুৰ সময়তে সৰহসংখ্যক খেতিয়কৰে ভঁৰাল উদং হয়। ভোগ–বিলাস অবিহনেই প্ৰতিজন অসমীয়াই পালন কৰি আহিছে বাপতিসাহোন কঙালী বিহুটি। সেয়েহে নিজৰ শস্যডৰাৰ শ্ৰীবৃদ্ধিৰ বাবে লক্ষ্মীদেৱীৰ ওচৰত প্ৰাৰ্থনা জনায় চহা কৃষকে।

ৰাজ্যৰ সর্বত্র কাতি বিহু উপলক্ষে চলিছে ব্যাপক প্রস্তুতি৷ গ্ৰামাঞ্চলৰ লগতে মহানগৰীতো চলিছে কাতি বিহুৰ প্ৰস্তুতি। আনহাতে, গ্ৰামাঞ্চলত সন্ধিয়া কণ কণ ল’ৰা–ছোৱালীয়ে ঘৰে ঘৰে গৈ তুলসীৰ তলত প্ৰাৰ্থনা জনাই মাহ–প্ৰসাদ খোৱা পৰম্পৰাও আছে কাতি বিহুত।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি