অসমীয়া মানুহ বৰ্বৰ আৰু অসভ্য ! মহাত্মা গান্ধীয়ে অসমীয়াৰ সন্মুখত ৰাজহুৱাকৈ কিয় ক্ষমা খুজিছিল ?

অসমৰে সৈতে গান্ধীজীৰ সম্পৰ্কই ২০২১ত এশ বছৰ সম্পূৰ্ণ কৰিব। সেই উপলক্ষ্যত নতুন দিল্লীৰ গান্ধী স্মাৰক নিধিয়ে গ্ৰহণ কৰিব বিশেষ কাৰ্যসূচীৰ। নিধিৰ সচিব সঞ্জয় সিঙে ক’লে গান্ধীজী আৰু অসমৰ কথা।

News18-Assam
Updated:October 2, 2019, 1:48 PM IST
অসমীয়া মানুহ বৰ্বৰ আৰু অসভ্য ! মহাত্মা গান্ধীয়ে অসমীয়াৰ সন্মুখত ৰাজহুৱাকৈ কিয় ক্ষমা খুজিছিল ?
অসমৰে সৈতে গান্ধীজীৰ সম্পৰ্কই ২০২১ত এশ বছৰ সম্পূৰ্ণ কৰিব। সেই উপলক্ষ্যত নতুন দিল্লীৰ গান্ধী স্মাৰক নিধিয়ে গ্ৰহণ কৰিব বিশেষ কাৰ্যসূচীৰ। নিধিৰ সচিব সঞ্জয় সিঙে ক’লে গান্ধীজী আৰু অসমৰ কথা।
News18-Assam
Updated: October 2, 2019, 1:48 PM IST
পাৰ্থ জ্যোতি বৰা, নতুন দিল্লীঃ ১৯২১ চনত পোন প্ৰথমবাৰৰ কাৰণে জাতিৰ পিতা মহাত্মা গান্ধী অসমলৈ আহিছিল। ৯৮ বছৰৰ আগৰ তেওঁৰ প্ৰথম অসম ভ্ৰমণত গুৱাহাটীৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত নবীন চন্দ্ৰ বৰদলৈ আৰু তৰুণ ৰাম ফুকনৰ উদ্যোগত অসমবাসীয়ে জনাইছিল উষ্ম আদৰণি । এটা সন্ধিয়া প্ৰায় ২৫ হেজাৰ লোকৰ সন্মুখত ভাষণ প্ৰদান কৰিছিল মহাত্মা গান্ধীয়ে। আৰু সেই ভ্ৰমণতে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিছিল তেওঁ। তেওঁ অসমীয়া জাতি বৰ্বৰ আৰু অসভ্য বুলি অভিহিত কৰিছিল ১৯২১ চনৰ পূৰ্বে।

কিন্তু ১৯২১ চনত অসমলৈ আহি সেই সময়ৰ বৰ অসমৰ নান্দনিক পৰিবেশ, আতিথ্য আৰু মহিলাৰ সাৱলীল ভূমিকা দেখি বাৰুকৈ আপ্লুত হৈছিল মহাত্মা গান্ধী । শিলচৰলৈ ৰেল যাত্ৰাই অভিভূত কৰিছিল জাতিৰ পিতাক। মহাবাহুয়ে আন এক সাঁচ বহুৱাইছিল তেওঁৰ মনত ।

নতুন দিল্লীৰ গান্ধী স্মাৰক নিধিৰ সচিব সঞ্জয় সিঙৰ মতে মহাত্মা গান্ধী ১৭ বছৰ বয়সতে বিদেশলৈ গৈছিল আৰু তেওঁ গুজৰাটৰ হোৱা হেতুকে অসমৰ বিষয়ে জনাৰ সুবিধা পোৱা নাছিল । সেয়ে তেওঁ অসমীয়া সকলক জংঘলী বুলি অভিহিত কৰিছিল । কিন্তু অসমলৈ গৈ অসমৰ বিষয়ে জানি তেওঁ কৈছিল -

মই যদি অসমীয়াক জংঘলী বুলি কওঁ তেন্তে মোতকৈ জংঘলী আৰু কোনো নাই । সেই ভ্ৰমণতে অসমৰে নিবিড় সম্পৰ্ক গঢ়ি উঠিছিল মহাত্মা গান্ধীৰ।

সঞ্জয় সিঙে কয়।

নিজৰ মন্তব্যৰ কাৰণে অসমবাসীৰ সন্মুখত ৰাজহুৱাকৈ ক্ষমা খুজিছিল গান্ধীয়ে, সঞ্জয় সিঙে মন্তব্য কৰে । অহিংস নীতিৰ যোগেদি সমগ্ৰ বিশ্বত প্ৰভাৱ বিস্তাৰ কৰা মহাত্মা গান্ধীৰ অসমীয়াৰ প্ৰতি ধ্যান ধাৰণাৰ সমূলঞ্চে পৰিবৰ্তন হৈছিল এই ভ্ৰমণতে ।

মহাত্মা গান্ধী অসমলৈ আহিছিল মুঠ ৪ বাৰ – ১৯২১, ১৯২৬, ১৯৩৪ আৰু ১৯৪৬ চনত । ২০২১ চনত গান্ধীৰ অসমৰে সম্পৰ্কই ভৰি দিব ১০০ বছৰত । গান্ধীৰ অসমৰে সম্পর্কৰ বিষয়ে অমিয় কুমাৰ দাস আৰু লীলাধৰ বৰুৱাই সংকলন কৰা Mahatma in Assam নামৰ গ্ৰন্থ খনত সবিস্তাৰে লিখা হৈছে । প্ৰথমটো ভ্ৰমণৰ আগতেই কিন্তু অসমীয়াই আকোৱালি লৈছিল গান্ধীক । তেওঁৰ আহ্বানত হাজাৰ বিজাৰ অসমীয়া অসহযোগ আন্দোলনত জঁপিয়াই পৰিছিল । চাহ শ্রমিকে বাগান ত্যাগ কৰিছিল।

অজি সমগ্ৰ দেশৰ লগতে অসমতো মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উদযাপন কৰা হৈছে। আৰু ২ বছৰৰ পাছত অর্থাৎ ২০২১ চনত গান্ধীৰ অসমৰ সম্পৰ্কই ভৰি দিব ১০০ বছৰত । নতুন প্ৰজন্মক গান্ধীৰ অসমৰ প্ৰতি ধ্যান ধাৰণা, অসমৰ সমস্যাৰ প্ৰতি তেওঁৰ সঁহাৰি আদিৰ এক আভাস দিবলৈ ২০২১ চনত গান্ধী স্মাৰক নিধিয়ে এক বছৰ জোৰা প্ৰচেষ্টা হাতত লব । তেওঁ অসমত ভ্ৰমণ কৰা স্থান সমূহ, অসমৰ বিষয়ে প্ৰকাশ কৰা চিন্তা চৰ্চা সমূহ ৰোমন্থন কৰা হব এই অভিযানত। সঞ্জয় সিঙে জনায়।

মহাত্মা গান্ধীয়ে পূৰ্ব বংগৰ লোকে অসমত চৰকাৰী ভূমি বেদখলৰো বিৰোধতা কৰিছিল বুলি বিভিন্ন লিখনিত উল্লেখ আছে। ১৯৪৭ চনৰ ২২ জানুৱাৰীত তেতিয়াৰ North West Frontier Province ত অনুষ্ঠিত এখন প্রাৰ্থনা সভাত তেওঁ এই প্ৰসংগ উল্লেখ কৰি বলপূৰ্বক ভাৱে কোনেও চৰকাৰী ভূমি দখল কৰিব নোৱাৰে বুলি কৈছিল । ১৯৪৬চনৰ তেওঁৰ শেষৰটো অসম ভ্ৰমণৰ পাছত তেওঁ এনে চিন্তা প্ৰকট কৰিছিল ।
আৰু চাওক পৰৱৰ্তী বাতৰি