কেবিনেটত APSC পৰীক্ষা সম্পৰ্কত ভাষাক লৈ লোৱা সিদ্ধান্তত অসন্তুষ্ট ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।
কেবিনেটত APSC পৰীক্ষা সম্পৰ্কত ভাষাক লৈ লোৱা সিদ্ধান্তত অসন্তুষ্ট ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।
কেবিনেটত APSC পৰীক্ষা সম্পৰ্কত ভাষাক লৈ লোৱা সিদ্ধান্তত অসন্তুষ্ট ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। APSC পৰীক্ষাৰ পৰা অসমীয়া কাকত কৰ্তনৰ সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা শিৱসাগৰ সমষ্টিৰ বিধায়কজনৰ।
অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ' অসমীয়া কাকত নাকচ কৰি দিয়াটো অসমীয়া জাতিৰ বাবে এক দুৰ্গভাগ্যজনক।আমি কেতিয়াও অসমীয়া বিষয়টো উঠাই দিয়াটো নিবিচাৰো। বিজেপি অহাৰ পৰা অসমত মাটি, চাকৰি বহিৰাগতক মুকলি কৰি দিছে।ট্ৰাইবেল ব্লকতো বহিৰাগত মুকলি কৰি দিছে। হিন্দী ভাষী, আৰ এছ এছ আৰু দক্ষিণ ভাৰতীয় লোকক চাকৰি দিয়াৰ বাবে এনে ধৰণৰ চক্ৰান্ত কৰিছে। এই নীতি কেবিনেটত বন্ধ কৰিবলৈ আহ্বান জনাইছো।নহ'লে ভয়ানক হ'ব। ছাত্ৰ-ছাত্ৰীয়ে বা সকলোৱে ইয়াৰ বিৰোধিতা কৰিব লাগে। বহিৰাগতক বৰপীৰা পাৰি দিছে।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|