
ভিডিঅ' কনফাৰেন্স যোগে নতুন দিল্লীৰ পৰা অংশগ্ৰহণ কৰি অগ্ৰদূতৰ সোণালী জয়ান্তীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
ভিডিঅ' কনফাৰেন্স যোগে নতুন দিল্লীৰ পৰা অংশগ্ৰহণ কৰি অগ্ৰদূতৰ সোণালী জয়ান্তীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
১৯৭১ চনত মঙলদৈত জম্ম হৈছিল জনপ্ৰিয় বাতৰি কাকত অগ্ৰদূতৰ। চাওতে চাওতে অগ্ৰদূতে বিগত বৰ্ষতে স্বৰ্ণ জয়ন্তীত ভৰি দিয়ে। বিগত বৰ্ষৰ ক'ভিড পৰিস্থিতিৰ বাবে ৫০ বছৰীয়া স্বৰ্ণ জয়ন্তীৰ কোনো কাৰ্য্যসূচী অনুষ্ঠিত কৰা নাছিল অগ্ৰদূত গোষ্ঠীয়ে। পৰিস্থিতি স্বাভাৱিক হোৱাত বুধবাৰে অগ্ৰদূত গোষ্ঠীয়ে সোণালী জয়ান্তীৰ শুভাৰম্ভ কৰে। বুধবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে এই অনুষ্ঠানৰ।
ভিডিঅ' কনফাৰেন্স যোগে নতুন দিল্লীৰ পৰা অংশগ্ৰহণ কৰি অগ্ৰদূতৰ সোণালী জয়ান্তীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ইউজি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, সাংসদ কুইন ওঝা, দিলীপ শইকীয়া, পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক নৱ কুমাৰ দলে, ৰূপক শৰ্মা উপস্থিত আছিল। নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী অনুষ্ঠানটো উদ্ধোধন কৰি অভিভূত হৈ পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মুখ্যমন্ত্ৰীয়েও ভূয়সী প্ৰসংশা কৰে অগ্ৰদূত গোষ্ঠীক বিশেষকৈ মুখ্য সম্পাদক কনকসেন ডেকাক। বিশিষ্ট সাহিত্যিক তথা দৈনিক অগ্ৰদূতৰ মুখ্য সম্পাদক কনকসেন ডেকাই প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যবাসীক ধন্যবাদ জনাইছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|